Cheque distribution in Tinsukia: তিনিচুকীয়াত শ্ৰমমন্ত্ৰীয়ে বিতৰণ কৰিলে চেক - distributed checks among the patients in Tinsukia
🎬 Watch Now: Feature Video

শণিবাৰৰ পুৱাই তিনিচুকীয়া সমষ্টিৰ বিধায়ক তথা শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে তিনিচুকীয়া সমষ্টিৰ অন্তৰ্গত ৮২ গৰাকী ৰোগীক মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ অধীনত সাহায্য চেক বিতৰণ কৰে (Cheque distribution in Tinsukia) ৷ তিনিচুকীয়াৰ বৰদলৈ নগৰস্থিত নিজা বাসগৃহৰ প্ৰাংগনত আয়োজন কৰা এক সভাৰ জৰিয়তে ৰোগীসকলৰ মাজত চেক বিতৰণ কৰে শ্ৰম মন্ত্ৰীগৰাকীয়ে (Labour minister Sanjoy Kishan in Tinsukia)৷ ৰোগীসকলক চিনাক্তকৰণৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰা তিনিচুকীয়া পৌৰসভাৰ অন্তৰ্গত ৱাৰ্ড কমিচনাৰ, পঞ্চায়ত প্ৰতিনিধিসকলক ধন্যবাদ জনায় শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে (Labour minister Sanjoy Kishan) ৷ উক্ত চেক বিতৰণ অনুষ্ঠানত শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণৰ সৈতে উপস্থিত থাকে তিনিচুকীয়া জিলা বিজেপিৰ সাধাৰণ সম্পাদক পুলক চেতিয়া, ৱাৰ্ড কমিচনাৰ নবনীতা আগৰৱালাৰ লগতে কেইবাগৰাকীও দলীয় কৰ্মী ৷ অনুষ্ঠানটোৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীগৰাকীৰ প্ৰতি ধন্যবাদ জ্ঞাপন কৰে শ্ৰমমন্ত্ৰীগৰাকীয়ে (Labor Minister distributed checks among the patients in Tinsukia) ৷
Last Updated : Feb 3, 2023, 8:38 PM IST