HS Exam Results 2023 : নলবাৰী বাণিজ্য মহাবিদ্যালয়ৰ পৰা অষ্টম স্থান কুণাল জ্যোতি বৈশ্যৰ - HS Exam Results 2023
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/640-480-18685501-thumbnail-16x9-kunal-03-aspera.jpg)
নলবাৰী,৬ জুন : আজি ঘোষণা হোৱা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফলত উজ্বলিল নলবাৰী জিলা (HS exam results 2023) । জিলাখনৰ পৰা কেইবাগৰাকী শিক্ষাৰ্থীয়ে বিভিন্ন শাখাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে । বাণিজ্য শাখাত অষ্টম স্থান লাভ কৰিছে কুণাল জ্যোতি বৈশ্যই (Kunal Jyoti Baishya secured 8th position)।
নলবাৰী বাণিজ্য মহাবিদ্যালয়ৰ ছাত্ৰ কুণাল জ্যোতি বৈশ্যৰ এই সফলতাত আনন্দিত জিলাবাসী ৷ কুণালে মুঠ ৪৬১ নম্বৰেৰে অষ্টম স্থান দখল কৰি জিলাখনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে (8th position in HS Commerce)। কুণালৰ সফলতাত আনন্দিত পৰিয়াল আৰু মহাবিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী তথা শিক্ষাৰ্থীসকল । কুণালে পঢ়াৰ উপৰিও ছবি অংকন কৰি ভাল পাই । বেংকিং বিষয়ত স্নাতক লৈ উচ্চ শিক্ষা সম্পন্ন কৰাৰ ইচ্ছা আছে কুণালৰ ।
লগতে পঢ়ক :HS exam Results 2023 : বাণিজ্য শাখাৰ সপ্তম স্থানত উজ্বলিল তিনিচুকীয়াৰ স্মৃতি ঠাকুৰ