thumbnail

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 10:38 AM IST

ETV Bharat / Videos

Kulshi river erosion:বিপদ নমাই আনিছে কুলশী নৈৰ গৰাখহনীয়াই

ওদালগুৰি, 9 অক্টোবৰ : ভূটান পাহাৰৰ পৰা ওদালগুৰি জিলাৰ হৰিশিঙা ৰাজহ চক্ৰৰ মাজেৰে বৈ যোৱা খৰস্ৰোতা কুলশী নৈৰ বাঢ়নী পানীয়ে প্ৰতিবছৰে আন কেইবাখনো গাঁৱৰ লগতে পানেৰী বিধান সভা সমষ্টিৰ অন্তৰ্গত বনগাঁও, চাতিয়াপাৰ, পলাহগড় আদি গাঁৱত ৰাইজক জ্বলা-কলা খুৱাই আহিছে ৷ কুলশী নৈখনৰ গৰাখহনীয়াই তাণ্ডৱ চলাই গাওঁখনৰ বহুতৰে ঘৰ-বাৰী উটুৱাই লৈ যোৱাৰ উপৰিও ৰাস্তা-ঘাটৰ চিনচাব নোহোৱা কৰিছে ৷

খহনীয়াৰ ফলত ৰাইজৰ লগতে ছাত্ৰ-ছাত্ৰীসকল যাতায়াতৰ ক্ষেত্ৰত বাৰুকৈয়ে অসুবিধাৰ সন্মুখীন হৈছে ৷ বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ অৱগত কৰাৰ পিচতো কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ টংলা আঞ্চলিক সমিতিৰ লগতে সচেতন ৰাইজে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে ৷ গৰাখহনীয়াৰ ফলত শেহতীয়াকৈ টংলা-দেৱৰ গড়কাপ্তানি পথটো পলাহগড় চ’কত কেৱল ক্ষতিগ্ৰস্ত হোৱাই নহয় সেই অংশত দুৰ্ঘটনাৰ আশংকায়ো দেখা দিছে ৷ অতি শীঘ্ৰে অঞ্চলটোৰ সমস্যাৰ সমাধান নকৰিলে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ টংলা আঞ্চলিক সমিতিয়ে সচেতন ৰাইজৰ সহযোগত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ব বুলি চৰকাৰক সকীয়াই দিছে ৷

লগতে পঢ়ক : Scam in embankment repairing: গৰাখহনীয়া প্ৰতিৰোধৰ কাম আধা কৰিয়েই ঠিকাদাৰ-অভিযন্তাই ভগালে ধনৰ অংশ !

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.