thumbnail

By

Published : Jan 29, 2023, 5:05 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

ETV Bharat / Videos

Bir Chilarai Divas 2023 : কোচ ৰাজবংশী সন্মিলনীৰ উদ্যোগত দুদিনীয়াকৈ চিলাৰায় দিৱসৰ আয়োজন

বাক্সা,২৯ জানুৱাৰী : প্ৰতিবছৰে ৰাজ্যজুৰি ৫ ফেব্ৰুৱাৰীৰ দিনটোত মহাবীৰ চিলাৰায় দিৱস হিচাপে পালন কৰা হয় (Bir Chilarai Divas in Assam)। এইবছৰো ৰাজ্যজুৰি এই দিৱস পালন কৰা হ'ব । এইবাৰ ৫ আৰু ৬ ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে কোচ ৰাজবংশী সন্মিলনীয়ে মহাবীৰ চিলাৰায় দিৱস উদযাপন কৰিব (Koch Rajbongshi Conference)।

অবিভক্ত নলবাৰী জিলাৰ অন্তৰ্গত কঠালবাৰীত দুদিনীয়াকৈ অনুষ্ঠিত হ'ব বিশ্ব মহাবীৰ চিলাৰায় দিৱস (Bir Chilarai Divas at Nalbari)। নলবাৰী জিলা কোচ ৰাজবংশী সন্মিলনী, আক্ৰাছু, মহিলা সমিতি, চিলাৰায় মেম'ৰিয়েল মিচন, যুৱ সন্মিলনীৰ উদ্যোগত অনুষ্ঠিত হ'ব মহাবীৰ চিলাৰায় দিৱস । বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ লোৱা মহাবীৰ চিলাৰায় দিৱসৰ লগত সংগতি ৰাখি প্ৰতি বছৰৰ দৰে এইবছৰো কেইবাটাও বঁটা দিয়াৰ কথা ঘোষণা কৰিছে নলবাৰী জিলা কোচ ৰাজবংশী সন্মিলনীয়ে (Koch Rajbongshi Conference press meet)।

সন্মিলনীৰ সম্পাদক সমৰ তালুকদাৰে দেওবাৰে সংবাদমেল যোগে এই বঁটাৰ কথা ঘোষণা কৰে । তেওঁ জনোৱা মতে এইবাৰ চিলাৰায় বঁটা প্ৰাক্তন ৰাজ্যপাল জ্যোতি প্ৰসাদ ৰাজখোৱালৈ আগবঢ়োৱা হ'ব ।

লগতে মহেন্দ্ৰ বৰ্মন স্মাৰক বিশিষ্ট সাংবাদিক বঁটা বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰুলৈ, বৈকুন্ঠ নাথ তালুকদাৰ বিশিষ্ট সমাজ কৰ্মী বঁটা জগদাচৰণ তালুকদাৰ আৰু নৃপেন দাসলৈ, নবীন চন্দ্ৰ তামুলী স্মাৰক বিশিষ্ট খেলুৱৈ বঁটা যুৱ খেলুৱৈ ৰাগিনী মেধিলৈ, সুৰেন ৰয় স্মাৰক শিল্পী বঁটা বিশিষ্ট শিল্পী প্ৰভাত ৰাজবংশীলৈ, যজ্ঞৰাম তালুকদাৰ স্মাৰক বিশিষ্ট শিক্ষাসেৱী বঁটা শিক্ষাসেৱী সতীশ চন্দ্ৰ ডেকালৈ, নৰেন ৰাজবংশী স্মাৰক কৃতি শিক্ষাৰ্থী বঁটা কৃতি ছাত্ৰী ভূয়সী মেধিলৈ আগবঢ়োৱা হ'ব ।

ইফালে মহাবীৰ চিলাৰায় দিৱস উদযাপনৰ ক্ষেত্ৰত অসম চৰকাৰৰ হেমাহিৰ কথাও সংবাদমেলত স্বীকাৰ কৰে সন্মিলনীয়ে । তেওঁলোকে অভিযোগ কৰা মতে বিশ্ব মহাবীৰ চিলাৰায় দিৱস অসম চৰকাৰে যি ধৰণে পালন কৰিব লাগিছিল তেনেদৰে এতিয়া আয়োজন কৰা নাই । চিলাৰায়ক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব লাগে বুলিও দাবী জনাই সন্মিলনীৰ বিষয়ববীয়াসকলে ।

লগতে পঢ়ক :Assam New DGP G P Singh : দায়িত্ব গ্ৰহণৰ পূৰ্বে আৰক্ষীলৈ বিশেষ অনুৰোধ ডিজিপি সিঙৰ

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.