কৰৰ বোজা বঢ়ালে চৰকাৰে; হঠকাৰী সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী বিভিন্নজনৰ - protest against tax

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Nov 22, 2023, 3:36 PM IST

বঢ়মপুৰ, 22 নৱেম্বৰ: ৰাজ্য চৰকাৰে শেহতীয়াকৈ বিভিন্ন ক্ষেত্ৰত আৰোপ কৰা কৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বিভিন্ন দল-সংগঠন ৷ চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তক তীব্ৰ গৰিহণা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে ৰাইজৰ দলৰ । বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ হ’লে ৰাজ্য চৰকাৰক কৰ দিব লাগিব বুলি প্ৰকাশ পোৱাৰ পিছতেই জাঙুৰ খাই উঠিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সভাপতি ৰাজু বৰা । হিতাধিকাৰী সৃষ্টি কৰি হিতাধিকাৰীক সন্তুষ্ট কৰিব নোৱাৰি সৰ্বসাধাৰণ জনতাৰ ওপৰত চৰকাৰে কৰৰ বোজা জাপি দি মাধমাৰ শোধাব বিচাৰিছে বুলি মন্তব্য কৰে ৰাজু বৰাই ।

চৰকাৰক এনে হঠকাৰী সিদ্ধান্ত শীঘ্ৰে বাতিল কৰিবলৈ দাবী জনায় নেতাগৰাকীয়ে । অন্যথা ৰাজপথলৈ ৰাইজক উলিয়াই অনাৰ হুংকাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ । ইপিনে ৰাইজৰ দলৰ সাধাৰণ সম্পাদক গিৰিংশকৰ গোস্বামীয়ে চৰকাৰে গ্ৰহণ কৰা কৰ সংগ্ৰহৰ ব্যৱস্থা সন্দৰ্ভত মন্তব্য কৰি চৰকাৰৰ এই সিদ্ধান্তক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ।

লগতে পঢ়ক: এইবাৰ সাজু হওক নতুন কৰ দিবলৈ; মাধ্যম সেৱা সেতু এপ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.