King Cobra Rescued: মুৰ্গী খাবলৈ গঁৰালত সোমাল ৰজাফেঁটী

By ETV Bharat Assamese Team

Published : Sep 29, 2023, 5:52 PM IST

thumbnail

কলিয়াবৰ, 29 ছেপ্টেম্বৰ : কলিয়াবৰত এটা প্ৰকাণ্ড ৰজাফেঁটী সাপ উদ্ধাৰ ৷ প্ৰকৃতিপ্ৰেমী সঞ্জীৱ ডেকাই উদ্ধাৰ কৰে এটা প্ৰকাণ্ড ৰজাফেঁটী সাপ ৷ কলিয়াবৰৰ উত্তৰ পশ্চিম গাঁও পঞ্চায়ত কাৰ্যালয়ৰ সমীপৰ এঘৰ গৃহস্থৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হয় এই ফেঁটী সাপটো ৷ উদ্ধাৰ হোৱা সাপটো প্ৰায় ১২ ফুট দীঘল আৰু ১১ কেজি ওজনৰ ৰজা ফেঁটী বুলি জানিবলৈ দিছে প্ৰকৃতিপ্ৰেমী সঞ্জীৱ ডেকাই ।

সাপটো কুকুৰাৰ গঁৰালত খাদ‍্যৰ সন্ধানত সোমাই থকাৰ সময়তে গৃহস্থই প্ৰত‍্যক্ষ‍ কৰি সৰ্প উদ্ধাৰকাৰী সঞ্জীৱ ডেকাক খবৰ দিয়ে । সঞ্জীৱ ডেকা সেই স্থানত উপস্থিত হৈ বৃহৎ আকাৰৰ ৰজাফেঁটী সাপটো উদ্ধাৰ কৰে । পৰৱৰ্তী সময়ত শিলঘাটৰ কামাখ‍্যা সংৰক্ষিত বনাঞ্চলত সাপটো মুকলি কৰি দিয়ে তেওঁ ।

লগতে পঢ়ক : King cobra Rescue : মৰিয়নীৰ সোণাপুৰত উদ্ধাৰ বিলুপ্তপ্ৰায় ৰজাফেঁটী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.