অষ্টম বাৰ্ষিক ফুটবল প্ৰতিযোগিতাৰ খিতাপ দখল খোৱাং টাউন ফুটবল দলৰ

By ETV Bharat Assamese Team

Published : Dec 25, 2023, 9:08 AM IST

Updated : Dec 25, 2023, 10:42 AM IST

thumbnail

ডিব্ৰুগড়, 25 ডিচেম্বৰ : ড৹ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰ পৰিচালনা সমিতিৰ উদ্যোগত ডিব্ৰুগড়ৰ খোৱাং চাহ বাগিচাত অনুষ্ঠিত হৈ থকা অষ্টম বাৰ্ষিক ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন দেওবাৰে খোৱাং চাহ বাগিচা খেলপথাৰত অনুষ্ঠিত হয় ।

মুঠ 26 টা ফুটবল দলে অংশগ্ৰহণ কৰা খেলখনৰ চূড়ান্ত প্ৰতিযোগিতা অনুষ্ঠিত হয় খোৱাং টাউন ফুটবল একাদশ আৰু খোৱাং চাহ বাগিচা ফুটবল দলৰ মাজত । বিধায়ক চক্ৰধৰ গগৈয়ে উদ্বোধন কৰা চূড়ান্ত খেলখন টাইব্ৰেকাৰ সহায়ত খোৱাং টাউন ফুটবল একাদশে খোৱাং চাহ বাগিচা ফুটবল দলক 5-4 গ'লৰ ব্যৱধানত পৰাস্ত কৰি বিজয়ী খিতাপ অৰ্জন কৰে।

বিপুল সংখ্যক দৰ্শকৰ উপস্থিতি অনুষ্ঠিত হোৱা চূড়ান্ত খেলখনত কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত আছিল । উল্লেখ্য যে, ডিব্ৰুগড়ত এক সুন্দৰ ক্ৰীড়াৰ পৰিৱেশ গঢ়ি দিবলৈ বিগত কেইবা বছৰৰ পৰা ড° ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰ পৰিচালনা সমিতিয়ে অনুষ্ঠিত কৰি আহিছে এই ফুটবল প্রতিযোগিতা ।

লগতে পঢ়ক :  সাংস্কৃতিক মহাসংগ্ৰামত জ্যোতি সংগীত পৰিৱেশন মন্ত্ৰী যোগেন মহনৰ

Last Updated : Dec 25, 2023, 10:42 AM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.