ED notices to KCR's daughter Kavitha: কেচিআৰৰ কন্যা কবিতালৈ আকৌ এবাৰ ইডিৰ জাননী.. - দিল্লীৰ সুৰা কেলেংকাৰী
🎬 Watch Now: Feature Video
Published : Sep 14, 2023, 10:38 PM IST
নেশ্যনেল ডেস্ক, 14 ছেপ্টেম্বৰ : প্ৰৱৰ্তন সঞ্চালকালয়ে পুনৰ এবাৰ দিল্লীৰ সুৰা কেলেংকাৰীত তেলেংগানাৰ মুখ্যমন্ত্ৰী কেচিআৰৰ কন্যা এমএলচি কবিতাক জাননী জাৰি কৰিছে । এই বিষয়টো এমএলচি কালভাকুন্তলা কবিতাই নিশ্চিত কৰিছে । তেওঁ দাবী কৰিছিল যে তেওঁ 'মোদীৰ পৰা জাননী' পাইছিল ।
এই জাননীক ৰাজনৈতিক দলৰ সাফল্যৰ অংশ বুলি অভিহিত কৰে কালভাকুন্তলা কবিতাই । সেইবাবেই ইয়াৰ প্ৰতি বিশেষ গুৰুত্ব দিয়াৰ প্ৰয়োজন নাই বুলি উল্লেখ কৰে । তেওঁ স্পষ্ট কৰি দিয়ে যে তেওঁ লাভ কৰা জাননী দলৰ আইনী দলক দিয়া হৈছে । আইনী দলৰ পৰামৰ্শ অনুসৰি আগবঢ়াৰ কথা তেওঁ সদৰী কৰে ।
কবিতাই কয় যে ইডিৰ এই প্ৰসংগ চলি থকা এবছৰ হ’ল । তেওঁ সমালোচনা কৰিছে যে নিৰ্বাচন আহিছে বাবে তেওঁলোকে পুনৰ এটা অধ্যায় মুকলি কৰিছে । তেওঁ কয় যে এই গোচৰৰ তদন্ত এবছৰ ধৰি চলি আছে ৷ সেয়েহে বৰ্তমানৰ জাননীখনক গুৰুত্বসহকাৰে ল’ব নালাগে বুলি মত ব্যক্ত কৰে তেওঁ । এই তদন্ত কিমান দিনলৈ চলিব সেই সন্দৰ্ভত একো ক’ব নোৱাৰি বুলি উল্লেখ কৰে তেওঁ । কবিতাই স্পষ্টকৈ কয় যে তেলেংগানাৰ জনসাধাৰণে ইয়াক গুৰুত্ব সহকাৰে নলয় ।
দিল্লী সুৰা কেলেংকাৰিৰ গোচৰত এম এল চি কবিতাক জাননী জাৰি কৰিছে প্ৰৱৰ্তন সঞ্চালকালয়ে । শুকুৰবাৰে তদন্তকাৰী দলৰ সন্মুখত হাজিৰ হ’ব লাগে বুলি জাননীখনত উল্লেখ কৰা হৈছে । উল্লেখ্য যে দিনেশ অৰোৰা, অৰুণ ৰামচন্দ্ৰন পিল্লাই, শৰৎচন্দ্ৰ ৰেড্ডী, মাগুণ্টা শ্ৰীনিবাস ৰেড্ডী, মাগুন্তা ৰাঘৱ আৰু অন্যান্য অভিযুক্তসকল ইতিমধ্যে গোচৰটোত অনুমোদনকাৰী হৈ পৰিছে । মন কৰিবলগীয়া যে ১৬, ২০ আৰু ২১ মাৰ্চত দিল্লীত কবিতাৰ তদন্তৰ পিচত ইডিয়ে পুনৰ জাননী জাৰি কৰিছিল ।
লগতে পঢ়ক : Delhi liquor scam : অব্যাহত আছে সুৰা কেলেংকাৰীৰ তদন্ত