Kaziranga National Park: কাজিৰঙাত পৰ্যটকৰ জীপলৈ গজৰাজৰ চোঁচা - Kaziranga National Park viral video

🎬 Watch Now: Feature Video

thumbnail

By

Published : Oct 26, 2022, 4:43 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

পৰ্যটকৰ বাবে মুকলি কৰি দিয়াৰ লগে লগে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ প্ৰতিদিনে শ শ দেশী-বিদেশী পৰ্যটৰ আগমন ঘটিছে (Kaziranga National Park)। গঁড় বা আন বন্য প্ৰাণী ওচৰৰ পৰা প্ৰত্যক্ষ কৰাটো প্ৰতিগৰাকী পৰ্যটকৰে মনৰ আশা । যাৰ বাবে কোনোৱে যদি হাতী চাফাৰীৰ সুবিধা লৈছে আন কোনোৱে আকৌ কাজিৰঙাত জীপ চাফাৰীৰ আমেজ লৈছে । ইয়াৰ মাজতে ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত এক বিশেষ দৃশ্য বন্দী হ'ল পৰ্যটকৰ মোবাইলত (Kaziranga National Park viral video)। জীপ চাফাৰীৰে যোৱা পৰ্যটকক বাট আগচি ধৰিলে গজৰাজে । কহঁৰা বনাঞ্চলৰ ডাফলাং আৰু বৰুণটিকা বন শিবিৰৰ মাজত পৰ্যটক ভৰ্তি জীপলৈ চোঁচা ল'লে এটা বনৰীয়া হাতীয়ে (Wild elephant surrounded tourist in Kaziranga)। কিছু সময়ৰ বাবে পৰ্যটকৰ দলটো আতংকিত হৈ পৰে যদিও পৰিস্থিতি সুন্দৰকৈ চম্ভালিবলৈ সক্ষম হয় জীপখনৰ চালকজন । ইফালে হাতীৰ গতিবিধি ভালদৰে জনা অভিজ্ঞ চালকজনৰ শলাগো লয় বহিঃৰাজ্যৰ পৰ্যটক কেইজনে । সচৰাচৰ কাজিৰঙাৰ ভিতৰত এই ধৰণৰ দৃশ্য প্ৰায়ে দেখিবলৈ পোৱা যায় । বহু পৰ্যটকৰ বাবে এই স্মৃতিবোৰ অতি ভাল লগা । যাৰ বাবে হয়তো প্ৰতিবছৰে হাজাৰ হাজাৰ পৰ্যটকে ভিৰ কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ।
Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.