দেশী-বিদেশী পৰ্যটকৰে উদুলি-মুদুলি কাজিৰঙা - জীপ ছাফাৰী
🎬 Watch Now: Feature Video
Published : Dec 25, 2023, 12:32 PM IST
কাজিৰঙা, 25 ডিচেম্বৰ : আজি পবিত্ৰ বৰদিন ৷ বৰদিনৰ উপলক্ষে কাজিৰঙাত উদুলি-মুদুলি পৰিৱেশ ৷ শীতৰ কুঁৱলী ফালি পুৱাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন সহস্ৰাধিক পৰ্যটকৰ ৷ বিশেষকৈ কঁহৰা আৰু বাগৰি বনাঞ্চলত পৰ্যটকৰ যথেষ্ট সমাগম হোৱা পৰিলক্ষিত হৈছে ৷
দেশী-বিদেশী বিভিন্ন পৰ্যটকে পুৱাই কৰিছে হাতী ছাফাৰী ৷ কাজিৰঙাৰ কঁহৰা আৰু বাগৰি বনাঞ্চলত পুৱা তিনিটা খেপত হাতীয়ে পৰ্যটক কঢ়িয়াই নিছে ৷ দুই-এক পৰ্যটকে হাতী ছাফাৰীৰ বাবে আসন নোপোৱাৰ বাবে উভতিব লগীয়া হৈছে ৷ পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি কাজিৰঙা বনবিভাগে পূৰ্বৰ দুটা খেপৰ পৰিৱৰ্তে আজিৰে পৰা হাতী ছাফাৰীৰ বাবে তিনিটা খেপ মুকলি কৰি দিয়ে ৷ ইয়াৰ পিচতে পৰ্যটক তথা পৰ্যটন ব্যৱসায়ীসকল উৎফুল্লিত হৈ পৰিছে ৷
ইপিনে, কাজিৰঙাত জীপ ছাফাৰী কৰিছে যথেষ্ট সংখ্যক পৰ্যটকে ৷ ৰাষ্ট্ৰীয় উদ্যানৰ মুখ্য বনাঞ্চলৰ লগতে গঁড়ৰ ঘনত্ব আটাইতকৈ বেছি থকা বাগৰি বনাঞ্চল, বুঢ়াপাহাৰ বনাঞ্চলত পৰ্যটকৰ যথেষ্ট সমাগম হৈছে ৷ কাজিৰঙাত থকা চাৰি শতাধিক জীপচি গাড়ী ইতিমধ্যেই বুকিং হোৱাত বহু পৰ্যটক অৱশ্যে কাজিৰঙা ভ্ৰমণৰ পৰা বঞ্চিত হৈছে ৷
লগতে পঢ়ক: এয়া বনভোজৰ বতৰ, লোকাৰণ্য ভৈৰৱকুণ্ড