Kati Bihu Preparation in Majuli: কাতি বিহুক লৈ মাজুলীত ব্যাপক প্ৰস্তুতি - কাতি বিহুক লৈ মাজুলীত প্ৰস্তুতি
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16676233-thumbnail-3x2-bhhbkhjn.jpg)
আজি কাতি বিহু (Kati bihu 2022)। সমগ্ৰ ৰাজ্যতে বিহুৰ পৰম্পৰা ৰক্ষা কৰি আজি কাতি বিহু উদযাপন কৰা হ'ব । আজি ৰাজ্যৰ প্ৰতিখন চোতালত তুলসীৰ তলত তথা প্ৰতিখন পথাৰত জ্বলিব চাকি, আকাশ বন্তি । সমগ্ৰ ৰাজ্যৰ লগতে সত্ৰ নগৰী মাজুলীতো কাতি বিহুক লৈ ব্যাপক উৎসাহ দেখা পোৱা গৈছে । কাতি বিহুক লৈ ব্যস্ত হৈ পৰিছে এতিয়া সকলো । ঘৰে ঘৰে তুলসীৰ তলত চাকি-ধূপ-নৈবদ্য আগবঢ়াই নেদেখাজনৰ চৰণত সেৱা আগবঢ়োৱাৰ লগতে চহা কৃষকসকলে সেউজীয়া হৈ পৰা ধাননি পথাৰত চাকি জ্বলাই পোক-পতংগৰ পৰা পৰিত্ৰাণ বিচাৰি কঙালীৰ গৰ্ভত ভোগালীৰ বীজ উৎপত্তি হ’বলৈ প্ৰাৰ্থনা জনাব ।
Last Updated : Feb 3, 2023, 8:29 PM IST