thumbnail

By

Published : Aug 11, 2023, 7:19 PM IST

ETV Bharat / Videos

Islam Ali accused of rape:ধৰ্ষণৰ অভিযোগেৰে অভিযুক্ত ইছলাম ৰঙাঘৰলৈ

বাইহাটা, 11 আগষ্ট : কমলপুৰ আৰক্ষীৰ জালত ধৰ্ষণৰ অভিযোগেৰে অভিযুক্ত ইছলাম আলী । কমলপুৰ থানাৰ অন্তৰ্গত বামুনগাঁৱৰ ৬০ বছৰীয়া ইছলাম আলীয়ে ধৰ্ষণ কৰাৰ অভিযোগ ১৫ বছৰীয়া কিশোৰীক ।

১৫ বছৰীয়া কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে কাম কাজ কৰিবলৈ বাহিৰলৈ ওলাই যোৱাৰ সুযোগ লৈ কিশোৰী গৰাকীক বিভিন্ন ধৰণৰ প্ৰাণে মৰা ভাবুকি দি দীৰ্ঘদিন ধৰি চলাই আহিছিল বলপূৰ্বকভাৱে ধৰ্ষণ, এই ভাষ্য কিশোৰীগৰাকীৰ পৰিয়ালৰ ।

সমগ্ৰ ঘটনা কিশোৰীগৰাকীয়ে পৰিয়ালৰ আগত অৱগত কৰে । ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে কমলপুৰ থানাত এজাহাৰ দাখিল কৰে । এজাহাৰৰ ভিত্তিত অৱশেষত ধৰ্ষণকাৰী ইছলাম আলীক কমলপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে ৷

লগতে পঢ়ক : Rangia Suicide case: গছত চিপ লোৱা অৱস্থাত উদ্ধাৰ দুই ভগ্নীৰ মৃতদেহ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.