thumbnail

Ambubasi in Kamakhya Temple : অম্বুবাচীৰ প্ৰবৃত্তি; কামাখ্যা ধামৰ দুৱাৰ বন্ধ

By

Published : Jun 23, 2023, 4:27 PM IST

Updated : Jun 23, 2023, 5:53 PM IST

গুৱাহাটী, ২৩ জুন : নীলাচল পাহাৰস্থিত কামাখ্যা ধামত অম্বুবাচী উপলক্ষে বন্ধ কৰি দিয়া হৈছে মা কামাখ্যা ধামৰ দুৱাৰ । ২২ জুন, বৃহস্পতিবাৰে নিশা ২ বাজি ৩০ মিনিট ৪২ চেকেণ্ডত অম্বুবাচী প্ৰবৃত্তি হয় । তাৰ পিছতে মা কামাখ্যা মন্দিৰৰ দুৱাৰ বন্ধ কৰি দিয়া হয় । ২৩, ২৪ আৰু ২৫ জুনত কামাখ্যা দেৱালয়ৰ দুৱাৰ বন্ধ থাকিব । এইকেইদিন কামাখ্যা মন্দিৰত কোনো পূজা-অৰ্চনা নহয় ।

২৬ জুনৰ পুৱা দেৱীৰ স্নান তথা নিত্য-পূজা সমাপনৰ পাছত মন্দিৰৰ দুৱাৰ তীৰ্থযাত্ৰীৰ বাবে মুকলি কৰা হ'ব । অহা ২৬ জুন আৰু ২৭ জুনত বিশেষ দৰ্শনৰ (৫০১ টকাৰ) ব্যৱস্থা বন্ধ থাকিব । ২৬ জুনত ভিআইপি/ভিভিআইপিৰ দৰ্শনৰ ব্যৱস্থা নাথাকিব । উল্লেখ্য, ইতিমধ্য শুকুৰবাৰে পুৱাৰে পৰা অম্বুবাচী মেলা উপলক্ষে নীলাচল পাহাৰত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে । হাজাৰ হাজাৰ ভক্তৰ‌ সমাগম হৈছে ।

অসমৰ বিভিন্ন ঠাইৰ লগতে পশ্চিমবংগ, বিহাৰ, ঝাৰখণ্ড আদিৰ পৰাও হাজাৰ হাজাৰ ভক্তৰ‌ সমাগম হৈছে । প্ৰশাসনে কামাখ্যা মন্দিৰৰ নামনিত থকা-খোৱাৰ ব্যৱস্থা কৰিছে । পাণ্ডু ঘাটত ৫ হাজাৰ মানুহ থাকিব পৰাকৈ অস্থায়ী শিবিৰৰ ব্যৱস্থা কৰিছে । লগতে বিভিন্ন খাদ্য-সামগ্ৰীৰো ব্যৱস্থা কৰিছে ।

লগতে পঢ়ক :Patna Oppositions Meeting : পাটনাৰ বিৰোধী মহাসভালৈ নামাতিলে আজমলক

Last Updated : Jun 23, 2023, 5:53 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.