thumbnail

By

Published : Jun 25, 2023, 6:21 PM IST

ETV Bharat / Videos

Ambubachi Mela 2023: 26 জুনৰ পৰা ভক্তৰ বাবে খুলিব কামাখ্যাৰ দুৱাৰ

গুৱাহাটী, 25 জুন: শক্তিপীঠ কামাখ্যা ধামত অম্বুবাচী মহাযোগৰ আজি চতুৰ্থ দিনাও ভক্ত দৰ্শনাৰ্থীৰ ভিৰত বিৰ দি বাট নোপোৱা অৱস্থা । প্ৰচণ্ড গৰমক নেওচিও দেশ বিদেশৰ অগণন ভক্তই মা কামাখ্যাৰ আশীস বিচাৰি পুণ্যতীৰ্থ কামাখ্যালৈ ঢাপলি মেলিছে । নানা ধৰণৰ বেশভূষাৰে সাধু সন্ন্যাসী, ভক্ত দৰ্শনাৰ্থীৰে ভৰি পৰিছে কামাখ্যা ধাম । 

অহা 26 জুন অৰ্থাৎ কাইলৈ খোল খাব কামাখ্যা মন্দিৰৰ দুৱাৰ । সোমবাৰে দেৱী স্নান কৰোৱাৰ পিছতে নিত্য নৈমিত্তিক পূজাৰ পিছতে মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে খুলি দিয়া হ’ব। পুৱা 6 পৰা 6.30 বজাৰ ভিতৰত দৰ্শনাৰ্থীৰ বাবে দুৱাৰ খুলি দিব মন্দিৰ কৰ্তৃপক্ষই ৷ প্ৰায় 5000-5500 হাজাৰ ভক্তই মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিব পাৰিব । 

ইয়াতকৈ অধিক ভক্তক ভিতৰত প্ৰৱেশ কৰিব দিয়াটো অসম্ভ বুলি কয় কামাখ্যা মন্দিৰৰ সচিব জ্ঞান নাথ শৰ্মাই ইটিভি ভাৰতক জানিবলৈ দিয়ে ৷ সোমবাৰে পুৱা 4 বজাৰ পৰা ভক্তসকলক টোকেন দিয়া ব্যৱস্থা কৰা হ’ব বুলি জানিবলৈ দিয়ে ৷ 

লগতে পঢ়ক: Ambubachi 2023 : অম্বুবাচীলৈ আহিছে ১২৬ বছৰীয়া পদ্মশ্ৰী স্বামী শিৱানন্দ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.