AASU Bihu at Kaliabor : ঢোল-পেঁপাৰ মাতত ৰজনজনাইছে কলিয়াবৰৰ গান্ধী পথাৰ - হেঁপাহৰ ৰঙালী বিহু
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/640-480-18263979-thumbnail-16x9-kal.jpg)
কলিয়াবৰ, 15 এপ্ৰিল : উখল-মাখল কলিয়াবৰৰ গান্ধী পথাৰ ৷ কিয়নো বিগত বছৰসমূহৰ দৰে পৰম্পৰা অক্ষুণ্ণ ৰাখি চলিত বৰ্ষতো পহিলা ব’হাগৰ দিনাই কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে কুৱঁৰীটোলৰ গান্ধী পথাৰত আয়োজন কৰিছে হেঁপাহৰ ৰঙালী বিহু (Kaliabor AASU celebrates Bihu at Gandhi pathar) ৷
এই বিহুৰ অংশ স্বৰূপে শনিবাৰে ৰৌতাৰ অসমী বিহুৱা দল, ঢেকীয়াজুলিৰ ৰূপজ্যোতি আঞ্চলিক বিহুৱা দল, শিৱসাগৰৰ জাঁজীপৰীয়া বিহুৱা দল, ফ্ৰেণ্ডশ্বীপ ক্লাৱে বিহুনাচ প্ৰদৰ্শন কৰে (AASU Bihu at Kaliabor) ৷ লগতে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ দ্বাৰা আয়োজিত মাহযোৰা বিহু কৰ্মশালাৰ প্ৰশিক্ষিত শিক্ষাৰ্থীসকলেও মুকলি বিহু প্ৰদৰ্শন কৰে ৷ ইয়াৰ উপৰিও তেজপুৰৰ নক্ষত্ৰ লোকবাদ্যৰ দল লোকনৃত্যানুষ্ঠান পৰিৱেশন কৰে । উক্ত অনুষ্ঠানতেই কলিয়াবৰৰ কেবাগৰাকীও জ্যেষ্ঠ আৰু উদীয়মান শিল্পী-সাহিত্যিকক সম্বৰ্ধনা তথা অভিনন্দন জনোৱা হয় ।
এইবেলি সাহিত্যিক পেঞ্চন প্ৰাপক কলিয়াবৰৰ বিশিষ্ট সাহিত্যিক বিপুল চন্দ্ৰ ভট্টাচাৰ্য, সাংবাদিক পেঞ্চন প্ৰাপক নৃপেন কেওঁট, সত্ৰীয়া-সাংস্কৃতিৰ চৰ্চাকাৰী পূৰ্ণানন্দ বৈশ্যক সম্বৰ্ধনা জনায় ৷ লগতে উদীয়মান অভিনয় কুশলী গৌৰৱজ্যোতি গোস্বামীকো অভিনন্দন জ্ঞাপন কৰা হয় ।
লগতে পঢ়ক : Bihu Celebration in Bihpuria: পৰম্পৰা ৰক্ষা কৰি বিহপুৰীয়াৰ মধুপুৰ গাঁৱত বোকা খেল উদযাপন