Kali Puja 2023 : কালী পূজা উপলক্ষে হোজাইত 40 ফুট উচ্চতাৰ মণ্ডপ নিৰ্মাণ - হোজাইত 40 ফুট উচ্চতাৰ মণ্ডপ নিৰ্মাণ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13-11-2023/640-480-20010188-thumbnail-16x9-hojai.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Nov 13, 2023, 10:14 AM IST
হোজাই, 13 নৱেম্বৰ : দেশ তথা ৰাজ্যজুৰি দেওবাৰে উদযাপন কৰা হ’ল পোহৰৰ উৎসৱ দীপাৱলী আৰু কালী পূজা ৷ ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ হোজাইবাসীয়েও অতি উলহ-মালহেৰে উদযাপন কৰিছে এই উৎসৱটি ৷ এইবাৰ হোজাইৰ লংকা পিয়লি বজাৰ কালী পূজা কমিটীয়ে 36 সংখ্যক কালী পূজা উপলক্ষে 40 ফুট উচ্চতাৰ মণ্ডপ নিৰ্মাণ কৰিছে ৷
লংকা পিয়লি বজাৰ কালী পূজা কমিটীয়ে আয়োজন কৰা এই পূজাত দেওবাৰে নিশাৰ ভাগত অগণন ভক্তৰ সমাগম হোৱা দেখিবলৈ পোৱা যায় ৷ লোকবিশ্বাস অনুসৰি শুদ্ধ অন্তৰেৰে এই কালী পূজাত দেৱীক প্ৰাৰ্থনা কৰিলে ভক্তসকলৰ মনোবাঞ্ছা পুৰণ হয় । সেই উদ্দেশ্য আগত ৰাখি ভক্তসকলে দেৱীৰ আগত চাকি জ্বলায় সকলোৰে মংগলৰ অৰ্থে নেদেখাজনৰ ওচৰত সেৱা লয় ৷ এই কালী পূজাত কেৱল শাক্ত ধৰ্মৰ লোকেই নহয়, অইন ধৰ্মাৱলম্বী লোকেও অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় ৷
লগতে পঢ়ক : Fire Incident: টিংখাঙত দেৱালীৰ আনন্দ-উলাহৰ মাজতে ভয়ংকৰ অগ্নিকাণ্ড