Magh Bihu 2023: মেজিৰ জুইৰ উত্তাপ লৈ অগ্নিদেৱতাৰ ওচৰত সেৱা ল’লে কলগাছিয়াবাসীয়ে - কলগাছিয়া আৰক্ষী থানা চৌহদত বন্তি প্ৰজ্বলন
🎬 Watch Now: Feature Video
আজি ভোগৰ উৎসৱ ভোগালী বিহু (Magh Bihu 2023)। পৰম্পৰা ৰক্ষা কৰি ভোগালীৰ উৰুকাৰ নিশা লগে ভাগে এসাজ খোৱাৰ পিছত আজি পুৱাই অগ্নিদেৱতাক সেৱা জনাই মেজিৰ জুইৰ উত্তাপ লয় ৰাজ্যবাসীয়ে । ভোগৰ উৎসৱ ভোগালীৰ পৰম্পৰা অনুসৰি আজি সমগ্ৰ অসমৰ লগতে পুৱা ৭ বজাত কলগাছিয়া আৰক্ষী থানা চৌহদত বন্তি প্ৰজ্বলন কৰাৰ পিছত ৭.৩০ মিনিটত ৰীতি-নীতিৰে মেজি প্ৰজ্বলন কৰা হয় (Magh bihu celebrates in Kalgachia) । মেজি প্ৰজ্বলন কৰে কলগাছিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হেমকান্ত শৰ্মাই (Assamese people festival magh Bihu)। ইফালে কলগাছিয়া ভোগালী বিহু উদযাপন সমিতিৰ উদ্যোগত কলগাছিয়াত দুদিনীয়া কাৰ্যসূচীৰে উলহ-মালহেৰে পালন কৰা হয় ভোগালী বিহু । বিহুৰ দিনটোত পুৱাই কলগাছিয়াৰ বিভিন্ন অঞ্চলত মেজিত অগ্নিসংযোগ কৰি সকলোৱে সেৱা লোৱা পৰিলক্ষিত হয় (People lit the fire and bowed to Agni Devata) ৷