Kalgachia AAMSU: শ্বাজজামাল ব্লগছ নামৰ ফেচবুক পেজৰ বিৰুদ্ধে কলগাছিয়া জিলা আমছুয়ে তৰিছে গোচৰ
🎬 Watch Now: Feature Video
জনিয়া, 6 মে’ : শ্বাজজামাল ব্লগছ নামৰ ফেচবুক পেজৰ বিৰুদ্ধে কলগাছিয়া জিলা আমছুয়ে কলগাছিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে । এক ৰাজহুৱা অনুষ্ঠানত এজন মানসিক বিকাৰগ্ৰস্ত যুৱকৰ হতুৱাই অশ্লীল বাক্য কোৱাই সামাজিক মাধ্যমত আপলোড কৰিছিল শ্বাজজামালে ৷
আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছু কলগাছিয়া জিলা সমিতিৰ তৰফৰ পৰা তাপাজুলী পাথাৰ গাৱঁৰ শ্বাজজামাল ব্লগছ নামৰ ফেচবুক পেজৰ বিৰুদ্ধে কলগাছিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হয় । উল্লেখযোগ্য যে শ্বাহজামালৰ বিৰুদ্ধে সামাজিক মাধ্যমত জাতি, ভাষা আৰু সংস্কৃতি অৱনমিত কৰাৰ অভিযোগ উত্থাপন কৰিছে আমছুয়ে (Kalgachia AAMSU fir against a facebook page) ।
এক ৰাজহুৱা অনুষ্ঠানত মানসিক বিকাৰগ্ৰস্ত এজন যুৱকৰদ্বাৰা অশ্লীল বাক্য প্ৰয়োগ কৰা ভিডিঅ’ সামাজিক মাধ্যমত আপলোড কৰিছিল শ্বাহজামালে । ইয়াৰ পিচতেই সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ব্লগাৰ আৰু ইউটিউবাৰৰ বিৰুদ্ধে । শ্বাহজামাল নামৰ যুৱকজনে মানসিকভাৱে বিকাৰগ্ৰস্ত এজন যুৱকক ব্যৱহাৰ কৰি এখন শিক্ষানুষ্ঠানত কণ কণ লৰা ছোৱালীৰ সন্মুখত অশ্লীল বাক্য প্ৰয়োগ কৰি সেই ভিডিঅ’ শ্বাজজামাল ব্লগছ নামৰ ফেচবুক পেজৰ মাধ্যমত ভাইৰেল কৰি দিয়ে (Kalgachia AAMSU) ।
কেৱল নিজৰ স্বাৰ্থৰ বাবে ফেচবুক আৰু ইউটিউবত ভিডিঅ’ আপলোড কৰি নিজৰ মুনাফা আদায় কৰি সমাজখন বেয়া পথত পৰিচালিত কৰি আছে আৰু এই কামে অসমীয়া ভাষাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব বুলিও মন্তব্য কৰে আমছুৱে ।
লগতে পঢ়ক : Encounter in Nagaon : নগাঁও আৰক্ষীৰ গুলীত ধৰাশায়ী ড্ৰাগছ মাফিয়া আবুল