নিৰ্দোষী প্ৰমাণিত নোহোৱালৈকে KAC ত স্থান নাই হিমু ৰাজবংশীৰ

By ETV Bharat Assamese Team

Published : Dec 1, 2023, 10:47 PM IST

thumbnail

বঙাইগাঁও, 1 ডিচেম্বৰ : কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী পাৰিষদৰ (EM) পদৰ পৰা হিমু ৰাজবংশীক নিলম্বন ৷ 100 কোটিটকীয়া ভুৱা ৱৰ্ক অৰ্ডাৰ গোচৰৰ অভিযোগত নিলম্বন হিমু ৰাজবংশীক ৷ শুকুৰবাৰে সংবাদমেল যোগে এই কথা ঘোষণা কৰে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য গকুল বৰ্মনে ৷

শুকুৰবাৰে বঙাইগাঁও জিলাৰ অভয়াপুৰীস্থিত মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত কমতাপুৰ স্বায়ত্তশাসিত পৰিষদে অনুষ্ঠিত কৰে এক সংবাদমেল ৷ সংবাদমেলত কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ নেতৃত্বই 100 কোটিটকীয়া ভুৱা ৱৰ্ক অৰ্ডাৰৰ গোচৰত পৰিষদৰ কোনো সদস্য জড়িত থাকিলে তেওঁলোকক পৰিষদে ৰক্ষণাবেক্ষন নিদিয়ে বুলি ঘোষণা কৰে ৷ 

যেতিয়া লৈকে হিমু ৰাজবংশী নিৰ্দোষী প্ৰমাণিত নহয় তেতিয়ালৈকে তেওঁ KACত অন্তৰ্ভুক্ত হ’ব নোৱাৰিব বুলি মন্তব্য কৰে মুখ্য কাৰ্যবাহী সদস্যজনে ৷ ইফালে পৰিষদৰ নিৰ্বাচন শীঘ্ৰেই অনুষ্ঠিত কৰি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ এলেকাৰ উন্নয়ন গতিশীল কৰিবৰ বাবে ৰাজ্য চৰকাৰক আহ্বান নেতৃত্বৰ ৷ 

লগতে পঢ়ক : APSC কেলেংকাৰী; ১১ গৰাকী ৰাজপত্ৰিত বিষয়াক নিলম্বন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.