Junmoni Rabha mysterious death: জখলাবন্ধাৰ দুৰ্ঘটনাস্থলীত জোনমণিৰ মাতৃৰ হিয়াভঙা কান্দোন - Junmoni Rabha Death Case
🎬 Watch Now: Feature Video
কলিয়াবৰ,২১ মে': মাতৃৰ বুকু শুদা কৰি জোনবাইৰ দেশলৈ গ'লগৈ জোনমণি (Junmoni Rabha mysterious death) । মাতৃৰ দুচকুত দি গ'ল চকুপানী । জোনমণিৰ মৃত্যুৰ ন্য়ায় বিচাৰি আৰক্ষী চকীয়ে চকীয়ে ঘূৰিছে জোনমণিৰ মাতৃ । শুকুৰবাৰে কলিয়াবৰৰ জখলাবন্ধা আৰক্ষী চকীত এজাহাৰ দাখিল কৰে জোনমণিৰ মাতৃয়ে (Junmoni Rava mother lodges FIR at Jakhlabandha PS) ।
এজাহাৰ দাখিল কৰি ঘৰলৈ ওভতাৰ পথত দুৰ্ঘটনাস্থলীত উপস্থিত হয় জোনমণিৰ মাতৃ সুমিত্ৰা ৰাভা । দুৰ্ঘটনাস্থলীত উপস্থিত হৈ হিয়া ঢাকুৰী কান্দিলে জোনমণিৰ মাতৃয়ে (Junmoni Rabha Death Case) । জোনমণি ৰাভাৰ মাতৃ সুমিত্ৰা ৰাভাই জখলাবন্ধা আৰক্ষী থানাত দাখিল কৰা এজাহাৰ অনুসৰি জখলাবন্ধা আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা 120(B)302/34 অধীনত 87/23 নম্বৰত ৰুজু কৰা গোচৰটোও CBI লৈ প্ৰেৰণ কৰা হয় ।
লগতে পঢ়ক: Heated situation in Mariani PHC: মৰিয়নি প্ৰাথমিক চিকিৎসা কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি