Chadrayaan 3: জোনবাইৰ দেশত ইতিহাস; গৌৰৱান্বিত অসম সন্তান চয়ন দত্তৰ পিতৃ-মাতৃ - Vikram Lander Successfully Achieves Soft Landing
🎬 Watch Now: Feature Video
Published : Aug 23, 2023, 8:13 PM IST
লখিমপুৰ,২৩ আগষ্ট: চন্দ্ৰযান-৩ ৰ সফল অৱতৰণে মহাকাশ অভিযানত বিশ্বৰ বুকুত খোদিত কৰিলে ভাৰতৰ নাম । উৎক্ষেপণৰ পৰা ৩৮ দিনৰ মূৰত চন্দ্র পৃষ্ঠত আজি সন্ধ্যা চন্দ্র যান অৱতৰণৰ লগে লগে যুদ্ধ জয়ৰ উল্লাসত ফাটি পৰে সমগ্র দেশবাসী । সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে লখিমপুৰতো অভূতপূর্ব পৰিৱেশ সৃষ্টি হয় ।
তাৰকাগৃহৰ পৰা বিদ্যালয়সমূহলৈকে, সকলোতে সৃষ্টি হয় ব্যাপক উল্লাস ভৰা পৰিৱেশৰ । এই অভিযানত জড়িত বিজ্ঞানীসকলৰ ভিতৰত অন্যতম লখিমপুৰৰ চয়ন দত্তৰ পিতৃৰ ব্যৱসায়িক প্ৰতিষ্ঠানতো সৃষ্টি হয় উৎসৱমুখৰ পৰিৱেশৰ । চয়নৰ পিতৃ-মাতৃয়ে তেওলোকৰ ব্যৱসায়িক প্ৰতিষ্ঠানতে মোবাইলত পুত্ৰৰ সফল অভিযান প্ৰত্যক্ষ কৰে ।
চন্দ্রযান ৩ য়ে সফল অৱতৰন কৰাৰ লগে লগে আবেগিক হৈ পৰে চয়নৰ পিতৃ-মাতৃ । পুত্রৰ সফলতাত গৌৰৱান্বিত পিতৃ-মাতৃয়ে আবেগিকভাৱে আগলৈও এনে সফলতা অৰ্জন কৰে তাৰ বাবে ৰাইজৰ আশীর্বাদ কামনা কৰে । এই ঐতিহাসিক ক্ষণত চয়নৰ পিতৃ য়ে চন্দ্রযান ২ ৰ বিফলতাত পুত্রৰ দুখভৰা কথাবোৰ স্মৰণ কৰি কোনোকালে সেয়া পাহৰিব নোৱাৰিব বুলি উল্লেখ কৰে ।
চয়নৰ কনমানি ভটিজাকেও বৰদেউতাকৰ সফলতাত অভিনন্দন জনায় । এই ঐতিহাসিক ক্ষণ খোদিত হোৱাৰ লগে লগে চয়নৰ পিতৃ-মাতৃক বিভিন্ন দল-সংগঠনে গামোচা পিন্ধাই অভিনন্দন জনোৱাৰ লগতে মিঠাই খুৱাই চেনেহ যাছে । চন্দ্রযান সফল অৱতৰণৰ লগে লগে লখিমপুৰত চৌদিশে আতচবাজি কৰি ৰাইজ আনন্দত ফাটি পৰে ।
লগতে পঢ়ক: Chadrayaan 3: ইতিহাস ৰচিলে ভাৰতে; চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুত সফল অৱতৰণ চন্দ্ৰযান-3 ৰ