Nagaon to Kedarnath on foot: নগাঁৱৰ পৰা পদব্ৰজে কেদাৰনাথলৈ যাত্ৰা - নগাঁৱৰ পৰা খোজকাঢ়ি কেদাৰনাথলৈ যাত্ৰা
🎬 Watch Now: Feature Video
ৰহা,১৯ জুন: এজন যুৱকৰ অনন্য প্ৰয়াস । দেৱাদিদেৱ মহাদেৱৰ অনন্য উপাসনাস্থলী পৱিত্ৰ কেদাৰনাথ দৰ্শন কৰিবলৈ বিভিন্নজনে ভিন্ন ধৰণে যাত্ৰা কৰে । কোনোৱে অসাধাৰণভাৱে চাইকেল চলাইও যাত্ৰা কৰে কেদাৰনাথলৈ । পিছে এইবাৰ নগাঁৱৰ এগৰাকী যুৱকে গ্ৰহণ কৰিছে আন এক দুঃসাহসিক প্ৰয়াস ।
নগাঁৱৰ পৰা কেদাৰনাথলৈ পদব্ৰজে যাত্ৰা আৰম্ভ কৰে নগাঁৱৰ এজন যুৱকে । যুৱকজনৰ নাম পাপ্পু পেটেল । সকলোৰে মংগল তথা বিশ্বশান্তিৰ বাবে সোমবাৰে নগাঁৱৰ পৰা কেদাৰনাথলৈ যাত্ৰা আৰম্ভ কৰে পাপ্পুৱে । নিতৌ গড়ে ৩০ কিলোমিটাৰ পথ খোজ কাঢ়ি প্ৰায় দুমাহৰ পিছত কেদাৰনাথত উপস্থিত হ'ব বুলি আশাবাদী যুৱকজন । যুৱকজনৰ এই যাত্ৰাত সকলোৱে সহযোগিতা আগবঢ়োৱাৰ লগতে শুভকামনা জনাইছে ।
লগতে পঢ়ক: International Yoga Day: নৱম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ উপলক্ষে যোগাসন প্ৰতিযোগিতা আয়োজন