Mangaldoi Journalist harassment case : মঙলদৈত সাংবাদিকৰ অৱস্থান ধৰ্মঘট
🎬 Watch Now: Feature Video
দৰং,৯ ফেব্ৰুৱাৰী : দৰং জিলাৰ মঙলদৈত এগৰাকী সাংবাদিকক আক্ৰমণ কৰা ঘটনাক লৈ উত্তাল পৰিৱেশৰ সৃষ্টি হৈছে (Journalist attack in Mangaldoi)। সাংবাদিকক আক্ৰমণ কৰা ভূ-মাফিয়াক গ্ৰেপ্তাৰৰ দাবীত বিভিন্ন স্থানত প্ৰতিবাদ অব্যাহত আছে । বৃহস্পতিবাৰে পুনৰ মঙলদৈত প্ৰতিবাদ সাব্যস্ত কৰিলে দৰং জিলাৰ একাংশ সাংবাদিক আৰু বিভিন্ন দল সংগঠনে (Journalist protest in Mangaldoi)। মঙলদৈ আৰক্ষীৰ নিষ্ক্ৰিয় ভূমিকাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ সাংবাদিক তথা দল-সংগঠনৰ ।
উল্লেখ্য যে যোৱা ৬ ফেব্ৰুৱাৰীত মঙলদৈ চহৰৰ প্ৰীতি নগৰত হোৱা এক ভূমিকেন্দ্ৰিক ঘটনাৰ বাতৰি সংগ্ৰহৰ বাবে গৈছিল পংকজ সৰকাৰ নামৰ এগৰাকী সাংবাদিক । অভিযোগ অনুসৰি বাতৰি সংগ্ৰহ কৰি থকাৰ সময়তে ভূ-মাফিয়াই সাংবাদিক পংকজ সৰকাৰক আক্ৰমণ কৰি হাতৰ পৰা কেমেৰা কাঢ়ি লৈ যায় । সাংবাদিকক প্ৰাণে মৰাৰো হুংকাৰ দিয়ে ভূ-মাফিয়াই (Land Mafia attack journalist in Mangaloi)।
ইফালে ঘটনাৰ পাছতে সাংবাদিক পংকজ সৰকাৰে মঙলদৈ সদৰ থানাত এখন এজাহাৰ দাখিল কৰে । তেওঁক আক্ৰমণ কৰা আৰু কেমেৰা কাঢ়ি নিয়া সন্দৰ্ভত এজাহাৰ দাখিল কৰা হৈছিল যদিও দুদিন পাৰ হৈ যোৱাৰ পাছতো এতিয়ালৈকে আৰক্ষীয়ে দোষীক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই । যাৰ বাবে আৰক্ষীৰ ভূমিকাক লৈ বিভিন্ন মহলত প্ৰশ্ন উত্থাপন হৈছে । ইফালে সাংবাদিক আৰু বিভিন্ন স্থানীয় সংগঠনে আৰক্ষীৰ ভূমিকাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে ।
ইয়াৰ মাজতে মঙলদৈ প্ৰেছ ক্লাৱৰ সন্মুখত সাংবাদিকসকলে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে (Protest against journalists harassment)। পংকজ সৰকাৰক আক্ৰমণ কৰা ভূ-মাফিয়াক শীঘ্ৰে গ্ৰেপ্তাৰ আৰু তেওঁৰ কেমেৰা উদ্ধাৰ কৰি ঘূৰাই দিবলৈ দাবী জনাই সংবাদকর্মীসকলে । প্ৰতিবাদী কাৰ্যসূচীত সদৌ দৰং ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, বজৰং দলৰ লগতে বিভিন্ন দল-সংগঠনে সহযোগিতা কৰে ।
উল্লেখ্য যে কেৱল মঙলদৈৰ পংকজ সৰকাৰে নহয় বিভিন্ন সময়ত ৰাজ্যত সাংবাদিকক আক্ৰমণৰ ঘটনা সংঘটিত হৈ আহিছে । কিন্তু সাংবাদিকক নিৰাপত্তা প্ৰদানত সম্পূৰ্ণ ব্যৰ্থ হৈছে আৰক্ষী তথা ৰাজ্য চৰকাৰ ।
লগতে পঢ়ক :AJYCP protest: বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে লখিমপুৰত প্ৰতিবাদ