thumbnail

RTI ৰ তথ্য বিচৰাৰ বাবেই এঘৰীয়া হ’ল যোৰহাটৰ নিৰঞ্জন বৰা

By ETV Bharat Assamese Team

Published : Dec 12, 2023, 8:10 PM IST

যোৰহাট, 12 ডিচেম্বৰ : কোন সঁচা, কোন মিছা ! তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত তথ্য বিচাৰি গৈ ৰাইজৰ ৰোষত পৰিছে এজন যুৱক ৷ আনকি গাঁৱৰ পৰা এঘৰীয়াও হ’ব লগীয়া হৈছে যুৱকজন ৷ আমি উল্লেখ কৰা যুৱকজন হৈছে যোৰহাটৰ নাওষলীয়া গাঁৱৰ নিৰঞ্জন বৰা ৷

প্ৰকৃততে যোৰহাটত সংঘটিত হৈছে ভূমি অধিগ্ৰহণৰ নামত কোটিটকীয়া কেলেংকাৰী । অভিযোগ অনুসৰি, লাট মণ্ডল আৰু শিক্ষকৰূপী দালালে মিলি সংঘটিত কৰিছে এই কেলেংকাৰী । ৰৰৈয়া বিমানবন্দৰৰ পৰা এ টি ৰোড সংযোগী নাওষলীয়া পথৰ নামত অনুমোদিত ডেৰশ কোটিৰো অধিক টকা ভূমি অধিগ্ৰহণ কৰাৰ নামত 78 টাকৈ পৰিয়ালৰ নামত লুণ্ঠন চলাইছে একাংশই ।

মণ্ডল, শিক্ষকৰূপী দালালে এই কেলেংকাৰী কৰাৰ ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে ৷ ইয়াৰ পাচতেই সমগ্ৰ ঘটনাৰ তথ্য বিচাৰি নিৰঞ্জন বৰাই দাখিল কৰিছিল RTI ৷ কিন্তু তথ্য বিচৰাই যেন কাল হ’ল ব্যক্তিজন তথা তেওঁ পৰিয়ালটোৰ বাবে । যাৰ পৰিণতিত গাঁৱৰ একাংশ লোকে মিলি বৰাৰ লগতে পৰিয়ালক অকথ্য মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ।

গাঁৱৰ একাংশৰ মানসিক অত্যাচাৰ সহ্য কৰিব নোৱাৰি এতিয়া গুৰুতৰভাৱে অসুস্থ হৈ পৰে নিৰঞ্জন বৰা । শেহতীয়া খবৰ অনুসৰি, বৰ্তমান এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বৰা ।

লগতে পঢ়ক : শালিধান কাটিলে অতুল বৰাই, বাকী আছে ন খাবলৈহে !

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.