thumbnail

By ETV Bharat Assamese Team

Published : Oct 13, 2023, 9:50 PM IST

ETV Bharat / Videos

Durga Puja 2023 : স্কুলীয়া জীৱনৰে পৰা প্ৰতিমা নিৰ্মাণ কৰি অহা চিৰঞ্জীৱ এতিয়া ভীষণ ব্যস্ত

যোৰহাট, 13 অক্টোবৰ: এগৰাকী উদ্যমী অসমীয়া যুৱক, নাম চিৰঞ্জীৱ বৰা ৷ যাৰ নামতে আছে অসাধ্যক সাধন কৰা সংকল্প । যোৰহাটৰ ঢেকড়গঢ়াৰ চিৰঞ্জীৱ বৰা নামৰ উদ্যমী যুৱকজনে চতুৰ্থ শ্ৰেণীত পঢ়ি থকাৰে পৰা কোনো আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈ দেৱী দুৰ্গাৰ প্ৰতিমা নিৰ্মাণ কৰাৰ লগতে অন্যান্য দেৱ-দেৱী প্ৰতিমাও নিৰ্মাণ কৰি আহিছে ৷ চিৰঞ্জীৱে নিজেই বনোৱা প্ৰতিমাৰেই নিজ বাসভৱনত দুৰ্গা পূজা আয়োজন কৰি আহিছিল আৰু উক্ত দুৰ্গা পূজা গাঁৱৰ ৰাইজে সাৰ্বজনীনভাবে ২০১২ চনৰ পৰা পালন কৰিবলৈ লয় । এতিয়া চিৰঞ্জীৱ বৰা নামৰ উদ্যোমী যুৱকজনে যোৰহাট নগৰৰ মালৌ আলিত ব্যৱসায়িকভাৱে দেৱী দুৰ্গাৰ লগতে সকলো দেৱ-দেৱীৰ প্ৰতিমা নিৰ্মাণ কৰা ব্যৱসায়িক প্ৰতিষ্ঠান আৰম্ভ কৰি স্বাৱলম্বিতাৰ নিৰ্দশন দাঙি ধৰিছে ৷ উল্লেখ্য যে, কোনো সহশিল্পীৰ সহায় নোলোৱাকৈয়ে দিন-ৰাতি একাকাৰ কৰি প্ৰতিমাসমূহ নিৰ্মাণ কৰিছে চিৰঞ্জীৱে ৷

লগতে পঢ়ক: Mahalaya 2023 : ধৰাৰ বুকুলৈ দেৱীৰ আগমন; ৰাজ্যজুৰি মহালয়াৰ ব্যাপক প্ৰস্তুতি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.