যোৰহাট বিস্ফোৰণ; আৰক্ষীৰ জালত টীয়কৰ এজন যুৱক - সামাজিক মাধ্যমত বিপ্লৱী পোষ্ট
🎬 Watch Now: Feature Video


Published : Dec 15, 2023, 1:46 PM IST
যোৰহাট, 15 ডিচেম্বৰ : যোৰহাটৰ বিস্ফোৰণ সন্দৰ্ভত ইতিমধ্যে টীয়কৰ এজাৰগুৰিৰ অৰিন্দম বৰা নামৰ এজন যুৱকক আটক কৰিছে আৰক্ষীয়ে ৷ যুৱকজনে সামাজিক মাধ্যমত আপত্তিজনক পোষ্ট দিয়াৰ বাবে আটক কৰিছে যোৰহাট আৰক্ষীয়ে ৷ ইয়াকে লৈ এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ টীয়কত ।
উল্লেখ্য যে, দুটা বছৰৰ পূৰ্বে আলফা স্বাধীনত যোগদান কৰিবলৈ বাবে যোৱাৰ সময়ত যুৱকজনক নাগালেণ্ডৰ পৰা আটক কৰিছিল অসম আৰক্ষীয়ে । তাৰ পৰৱৰ্তী সময়ত প্ৰশাসনে শাস্তি বিহাৰ লগতে কাউন্সেলিং কৰি পৰিয়ালক চমজাই দিয়ে অৰিন্দমক । কিন্তু বহস্পতিবাৰে নিশা যোৰহাটত ঘটনাটো সংঘটিত হোৱাৰ পাচতে টীয়কৰ এজাৰগুৰিৰ বাসগৃহৰ পৰা যুৱকজনক পুনৰ আটক কৰিছে আৰক্ষীয়ে ।
জানিব পৰা মতে, দীৰ্ঘদিন ধৰি যুৱকজনে সামাজিক মাধ্যমত বিপ্লৱী পোষ্ট কৰি আহিছিল আৰু তাৰে সন্দেহত আৰক্ষীয়ে আটক কৰিছে বুলি পৰিয়ালে সন্দেহ প্ৰকাশ কৰিছে । ইপিনে বৰ্তমান বিশ বছৰীয়া যুৱকজনে আজি দুবছৰৰ পূৰ্বে সংঘটিত হোৱা ঘটনাৰ পাচৰে পৰা ঘৰতে থাকি খেতিত ব্যস্ত হৈ আছে ৷ এই মন্তব্য যুৱকজনৰ পৰিয়ালৰ ৷
লগতে অভিযোগ অনুসৰি যুৱকজনৰ কোনোধৰণৰ আপত্তিজনক আচৰণ পিতৃ-মাতৃয়ে প্ৰত্যক্ষ কৰা নাই বুলি সদৰী কৰে যুৱকজনৰ পিতৃ-মাতৃয়ে ৷ সেয়ে তেওঁলোকে পুত্ৰক বিনা দোষত হাৰাশাস্তি নকৰিবলৈ আহ্বান জনাইছে ।
লগতে পঢ়ক : যোৰহাটৰ মিলিটেৰী ষ্টেচনৰ চৌহদত বিস্ফোৰণৰ শব্দ যোৰহাটৰ কাকজানত শূন্যলৈ গুলী দুৰ্বৃত্তৰ