Health Camp at Majuli: যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ উদ্য়োগত মাজুলীত অস্থিৰোগৰ চিকিৎসা শিৱিৰ - Orthopedic Health Camp at Dakshinpat Kalita

🎬 Watch Now: Feature Video

thumbnail

By

Published : Feb 13, 2023, 9:59 AM IST

Updated : Feb 14, 2023, 11:34 AM IST

মাজুলী, ১৩ ফেব্ৰুৱাৰী : সত্ৰ নগৰী মাজুলীৰ দক্ষিণপাট কলিতা গাঁৱৰ প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হ'ল অস্থিৰোগৰ এটি চিকিৎসা শিৱিৰ (Orthopedic Health Camp in Majuli)। মাজুলী জিলা প্ৰশাসন আৰু প্ৰাথমিক বিদ্যালয়খনৰ সহযোগত এই শিৱিৰটো দেওবাৰে অনুষ্ঠিত হৈ যায় । এই শিৱিৰটো যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ উদ্য়োগত অনুষ্ঠিত কৰা হৈছিল ।

মাজুলীত অনুষ্ঠিত অস্থিৰোগৰ এই বিনামূলীয়া স্বাস্থ্য শিৱৰটো আয়োজনৰ ক্ষেত্ৰত অঞ্চলটোৰ বহুকেইগৰাকী সচেতন লোকে আগভাগ লোৱা পৰিলক্ষিত হয় (Orthopedic Health Camp at Dakshinpat Kalita Village)। যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ১৪ গৰাকী চিকিৎসকৰ এটা দলে এই বিনামূলীয়া স্বাস্থ্য শিৱৰটোত উপস্থিত থাকি স্থানীয় লোকসকলক চিকিৎসা সেৱা আগবঢ়াই ।

যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ উদ্য়োগত অনুষ্ঠিত কৰা এই চিকিৎসা শিৱিৰটোত দক্ষিণপাট অঞ্চলৰ লগতে মাজুলীৰ ভিন্ন প্ৰান্তৰ লোকে নিজৰ নিজৰ স্বাস্থ্য সম্পৰ্কীয় বিভিন্ন সমস্যাৰ উপশম লাভৰ উপায় বিচাৰি ভিৰ কৰেহি (Jorhat Medical College)। চিকিৎসা শিৱিৰত উপস্থিত চিকিৎসকে এই লোকসকলক চিকিৎসা সেৱা আগবঢ়োৱাৰ লগতে বিনামূলীয়াকৈ ঔষধো প্ৰদান কৰে । দক্ষিণপাটৰ দৰে এটা ভিতৰুৱা অঞ্চললৈ আহি এনেদৰে বিনামূলীয়াকৈ স্বাস্থ্য শিৱিৰ আয়োজন কৰি চিকিৎসা সেৱা আগবঢ়োৱা চিকিৎসকৰ দলটোৰ শলাগ ললে স্থানীয় ৰাইজে । 

এই প্ৰসংগত এগৰাকী স্থানীয় ব্য়ক্তিয়ে কয় যে অঞ্চলটোৰ বহুতো দুখীয়া ৰাইজে অস্থি ৰোগত ভুগি আহিছে যদিও অৰ্থৰ অভাৱত উপ৷যুক্ত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ যাব নোৱাৰে । এনে লোকসকলে এইধৰণে আয়োজিত বিনামূলীয়া শিৱিৰৰ জৰিয়তে যথেষ্ট উপকৃত হ'ব পাৰিব বুলিও তেওঁ কয় । ইয়াৰ পূৰ্বে মাজুলীৰ বহু ভিতৰুৱা অঞ্চলত বিভিন্ন ৰোগৰ বিনামূলীয়া স্বাস্থ্য শিৱিৰ অনুষ্ঠিত হৈ আহিছে যদিও এই অঞ্চলটোত অস্থি ৰোগৰ স্বাস্থ্য শিৱিৰ প্ৰথমবাৰৰ বাবে আয়োজন কৰা বুলি কয় শিৱিৰলৈ অহা এগৰাকী ৰোগীয়ে । 

লগতে পঢ়ক:Stop Racism :         আমাৰ বেয়াৰ গ্ৰিলছৰ সৈতে সম্পৰ্ক নাই; আমাৰ বিষয়ে জানিবলৈ গুগলক সোধক: টেমজেন ইমনা আলং

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.