Protest in Dibrugarh: ডিব্ৰুগড়ত ষষ্ঠ অনুসূচীভুক্ত কৰাৰ দাবীত কেইবাটাও জনগোষ্ঠীয় সংগঠনৰ যৌথ প্ৰতিবাদ - সদৌ অসম ঠেঙাল কছাৰী
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/03-10-2023/640-480-19671991-thumbnail-16x9-tinsukia.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Oct 3, 2023, 5:54 PM IST
মৰাণ, 3 অক্টোবৰ: মঙলবাৰে ডিব্ৰুগড় জিলা আয়ুক্ত কাৰ্যালয়ৰ সমীপত বিভিন্ন প্ৰতিবাদী শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে সোণোৱাল-কছাৰী, দেউৰী আৰু ঠেঙাল কছাৰী জনগোষ্ঠীৰ সংগঠনৰ নেতা-কৰ্মীয়ে ।
সদৌ অসম সোণোৱাল-কছাৰী ছাত্র সন্থা, সদৌ অসম দেউৰী ছাত্র সন্থা আৰু সদৌ অসম ঠেঙাল কছাৰী সংগঠনৰ আহ্বানত জাতীয় সংগঠন আৰু জিলা সমিতিসমূহৰ সহযোগত সোণোৱাল-কছাৰী, দেউৰী আৰু ঠেঙাল কছাৰী ভূমিপুত্ৰ জনজাতিক "ষষ্ঠ অনুসূচী স্বায়ত্ব শাসন" প্ৰদানৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ ৰূপায়ণ কৰে।
দীৰ্ঘদিনীয়া সংগ্ৰামৰ ফলশ্ৰুতিতো এই জনগোষ্ঠীকেইটাই লাভ কৰা স্বায়ত্ব শাসিত পৰিষদসমূহ ষষ্ঠ অনুসূচীভুক্ত নোহোৱাত জনগোষ্ঠী কেইটাই বহু অধিকাৰৰ পৰা আজিও বঞ্চিত হৈ অহাৰ অভিযোগ উত্থাপিত কৰিছে ।
দেউৰী, ঠেঙাল কছাৰী আৰু সোণোৱাল-কছাৰী তিনিওখন স্বায়ত্ব শাসিত পৰিষদক আন আন জনগোষ্ঠীয় ষষ্ঠ অনুসূচীভুক্ত অঞ্চলত অন্তৰ্ভুক্ত নকৰি, সুকীয়াকৈ সম্পূৰ্ণ স্ব-গোষ্ঠীয় নামাকৰণ আৰু মৰ্যাদাৰে ভাৰতীয় সংবিধানৰ আধাৰত ষষ্ঠ অনুসূচীৰ স্বায়ত্ব শাসন প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰে ৷ প্ৰতিবাদৰ অন্তত এই সমস্যা সমাধানৰ দাবীৰে ডিব্ৰুগড় জিলা আয়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদকাৰীসকলে ৷
লগতে পঢ়ক: Protest in Guwahati: বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে AJYCP ৰ প্ৰতিবাদ