thumbnail

By ETV Bharat Assamese Team

Published : Jan 18, 2024, 5:25 PM IST

ETV Bharat / Videos

কংগ্ৰেছে নিজৰ নেতাকে সন্মান দিব নাজানে: যোগেন মহন

মৰাণ,১৮ জানুৱাৰী: ভাৰত জোড়ো যাত্ৰাৰ পাছত সমগ্ৰ দেশজুৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আৰম্ভ কৰিছে ভাৰত জোড়ো ন্যায় যাত্ৰা । অসমতো ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰা আজিৰে পৰা আৰম্ভ হৈছে । ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাক লৈ কংগ্ৰেছ কৰ্মীসকল অধিক উৎসাহিত যদিও শাসক দলৰ বিজেপি নেতা-কৰ্মীসকলে এই ন্যায় যাত্ৰাক তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হৈছে ।  

বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ মৰাণত ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাক লৈ মন্ত্ৰী যোগেন মহনে প্ৰতিক্ৰিয়া ব্যক্ত কৰে । মন্ত্ৰীগৰাকীয়ে তীব্ৰ সমালোচনা কৰি কয় যে, অসমলৈ কংগ্ৰেছৰ যিমানেই নেতা নাহক লাগে অসমৰ জনতাৰ হৃদয় স্পৰ্শ কৰিব নোৱাৰে । কংগ্ৰেছ এতিয়া শূণ্য, কংগ্ৰেছৰ লগত নিজৰেই মানুহ নাই । কংগ্ৰেছে নিজৰ নেতাকে সন্মান দিব নাজানে । ৰাইজৰ বাবে কি ন্যায়ৰ কথা ভাবিব বুলি কটাক্ষ কৰি তেওঁ লগতে উল্লেখ কৰে যে অপূৰ্ব ভট্টাচাৰ্যৰ দৰে নেতাই কংগ্ৰেছ ত্যাগ কৰি ওলাই আহিছে । ইফালে অংকিতা দত্তৰ দৰে নেত্ৰীয়ে ন্যায় বিচাৰি আছে । তেনেস্থলত কংগ্ৰেছে কি ন্যায়ৰ কথা কয় । আনহাতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক কবিতা লিখিবলৈ আহ্বান জনাই কয় যে ভূপেন বৰাৰ বাবে ৰাজনীতিত এতিয়া যুগটো ভাল নহয় ।

লগতে পঢ়ক: কাকীত হিতাধিকাৰীক ৰেচন কাৰ্ড বিলালে মন্ত্ৰী কেশৱ মহন্তই

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.