সাংস্কৃতিক মহাসংগ্ৰামত জ্যোতি সংগীত পৰিৱেশন মন্ত্ৰী যোগেন মহনৰ - Sanskritik Mahasangram 2023
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/24-12-2023/640-480-20345220-thumbnail-16x9-mahmora-aspera.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Dec 24, 2023, 1:49 PM IST
মৰাণ,২৪ ডিচেম্বৰ: অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ইতিমধ্য়ে ৰাজ্যৰ গাঁও পঞ্চায়তসমূহত অনুষ্ঠিত কৰা হয় সাংস্কৃতিক মহাসংগ্ৰাম কাৰ্যসূচী । গাঁও পঞ্চায়তসমূহত এই কাৰ্যসূচী অনুষ্ঠিত হোৱা পাছতে সমষ্টি ভিত্তিত এই কাৰ্যসূচী অনুষ্ঠিত হয় । সমগ্ৰ ৰাজ্যজুৰি অসম সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত অনুষ্ঠিত হৈ থকা অসম সাংস্কৃতিক মহাসংগ্ৰাম কাৰ্যসূচী দেওবাৰে মাহমৰা বিধানসভা সমষ্টি পৰ্যায়ৰ প্ৰতিযোগিতা ডবা তিনিআলিৰ ৰাজহুৱা প্ৰেক্ষাগৃহ আৰু ডবা হাইস্কুল খেলপথাৰ প্ৰাঙ্গণত অনুষ্ঠিত হয় ।
উক্ত অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহন, চৰাইদেউ জিলা উপায়ুক্ত, চৰাইদেউ মহকুমাধিপতি । এই অনুষ্ঠানতে মন্ত্ৰী যোগেন মহনে জ্যোতি সংগীত পৰিৱেশন কৰি সাংস্কৃতিক মহাসংগ্ৰাম অনুষ্ঠান শুভ উদ্বোধন কৰে । লগতে এই অনুষ্ঠানত প্ৰায় বিশ গৰাকী জ্যেষ্ঠ সাংস্কৃতিক কৰ্মীক সম্বৰ্ধনা জ্ঞাপন কৰে । এই অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী যোগেন মহনে কয় যে, গ্ৰাম্য অঞ্চলত লুকাই থকা সাংস্কৃতিক প্ৰতিভাসমূহ উলিয়াই অনাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই গুৰুত্বপূৰ্ণ কাৰ্যসূচী গ্ৰহণ কৰিছে ।
লগতে পঢ়ক: কলগাছিয়াত অসম সাংস্কৃতিক মহাসংগ্ৰামত বিজয়ী প্ৰতিযোগীক বঁটা প্ৰদান