Jio sim fraud case: বৰপেটাত একে নম্বৰৰ দুখন জিঅ’ ছিমে শ’লঠেকত পেলালে গ্ৰাহকক - শলঠেকত পেলালে গ্ৰাহকক
🎬 Watch Now: Feature Video

বৰপেটা, ১৪ মাৰ্চ: জিঅ' অফিচত ছিম উলিয়াওতে সাৱধান হওক ৷ হয়তো আপোনাৰ নথি ব্যৱহাৰ কৰি প্ৰস্তুত কৰা জিঅ' ছিমেৰে আপুনিও পৰিব পাৰে বিপদত (Jio sim fraud) ৷ বৰপেটা জিলাৰ হাউলী চহৰৰ থানা ৰোডত থকা জিঅ'ৰ ৰিটেইলাৰ বিপনীত এজন লোকৰ নামত দুখন জিঅ’ ছিম উলিওৱাৰ ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে (Jio sim fraud at Barpeta) ৷ হাউলীৰ ইটাৰভিটা গাঁৱৰ বৰকৎ আলী নামৰ এজন লোকে জিঅ'ৰ এখন ছিম কাৰ্ডখন ৰিপ্লেচ কৰিবলৈ জিঅ'ৰ কাৰ্যালয়লৈ গৈছিল ।
কিন্তু গ্ৰাহকজনে ৰিটেইলাৰখনলৈ গৈ গম পায় যে ইতিমধ্যে জিঅ' ৰিটেইলাৰখনত কৰ্মৰত মিঠু দাস নামৰ এজন কৰ্মচাৰীয়ে গ্ৰাহকজনৰ পৰিচয়, ফটো আৰু নথি ব্যৱহাৰ কৰি নতুনকৈ আন এখন জিঅ’ ছিম উলিয়াই ব্যৱহাৰ কৰি আছিল ৷ এই কথা ভুক্তভোগী লোকজনে গম পোৱাৰ লগে লগে হুলস্থুল পৰিৱেশৰ সৃষ্টি কৰে ৷ এই ঘটনাৰ সন্দৰ্ভত ভুক্তভোগী গ্ৰাহকগৰাকীয়ে স্থানীয় আৰক্ষীপৰ কাষ চাপে ৷ ইফালে এই ঘটনা সন্দৰ্ভত হাউলীৰ জিঅ' ৰিটেইলাৰৰ প্ৰৱন্ধক গৰাকীয়ে সংবাদমাধ্যমৰ আগত ভুল হোৱা বুলি মন্তব্য প্ৰকাশ কৰিয়েই দায়িত্ব সামৰে ।
লগতে পঢ়ক: AASU protest against SEBA: ফাঁচিকাঠত শিক্ষামন্ত্ৰীৰ প্ৰতিকৃতি ওলমাই প্ৰতিবাদ