Jiadhal river flood:পানী বাগৰা ১৫নং ৰাষ্ট্ৰীয় ঘাই পথত কালভাৰ্ট নিৰ্মাণ হ’লে বানৰ পৰা সকাহ পাব:মন্ত্ৰী সঞ্জয় কিষাণ - jiadhal river flood
🎬 Watch Now: Feature Video
ধেমাজি, 29 জুলাই : ধেমাজিৰ জীয়াঢল চাৰিআলিৰ সমীপৰ পৰা ন আলি ভজু গাঁৱলৈকে জীয়াঢলৰ কাংকু সুঁতিৰ উপৰ্যুপৰি বানে ক্ষতি কৰা ১৫নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ ওপৰেৰে পানী বাগৰা অংশ শনিবাৰে ধেমাজি জিলাৰ অভিভাৱক মন্ত্ৰী সঞ্জয় কিষাণে পৰিদৰ্শন কৰে ৷ পৰিদৰ্শনৰ পিচত পানী বাগৰা অংশত এটা বৃহৎ কালভাৰ্ট নিৰ্মাণ হ’লে ঘাই পথটোৰ লগতে উপকন্ঠ অঞ্চলসমূহ বান কৱলৰ পৰা ৰক্ষা পৰিব বুলি মন্তব্য কৰে মন্ত্ৰীজনে ৷
জীয়াঢলৰ বাঢ়নী পানীয়ে জ্বলা-কলা খুৱাইছে স্থানীয় ৰাইজক ৷ কোনো এজন মন্ত্ৰী বিধায়ক উপস্থিত নোহোৱাত ক্ষোভ প্ৰকাশ কৰিছিল ৰাইজে ৷ শনিবাৰে উক্ত স্থানত উপস্থিত হৈ বানাক্ৰান্তৰ বাবে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰাৰ বিষয়ে জানিবলৈ দিয়ে মন্ত্ৰী সঞ্জয় কিষাণে ৷ ৰাইজৰ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে মন্ত্ৰীগৰাকীয়ে জীয়াঢলৰ কুমটীয়া বাওঁপাৰৰ মথাউৰিত শ্লুইচ গেট নিৰ্মাণ হ’বলগীয়া অংশও পৰিদৰ্শন কৰে ৷
লগতে পঢ়ক : Flood affected people in Dhemaji: জীয়াঢলৰ বাঢ়নী পানীয়ে দুৰ্বিষহ কৰি তুলিছে ধেমাজিবাসীৰ জীৱন