নিৰ্বাচনত জয়ী হ’বলৈ গৌৰৱ গগৈয়ে মিঞা ভোটাৰ থকা সমষ্টি বিচাৰি আছে : জয়ন্ত মল্ল বৰুৱা - তিতাবৰত উৰুৱাব লাগিব বিজেপিৰ পতাকা
🎬 Watch Now: Feature Video


Published : Dec 21, 2023, 7:39 PM IST
তিতাবৰ, 21 ডিচেম্বৰ : ‘‘আজিৰ তাৰিখত প্ৰতিজন কংগ্ৰেছীয়ে মিঞা ভোটাৰ থকা সমষ্টি বিচাৰি আছে ৷ ইয়াৰ বিকল্প গৌৰৱ গগৈয়ো নহয় ৷ গৌৰৱ গগৈয়ে মিঞা ভোটাৰ থকা সমষ্টি বিচাৰি থকা যেন অনুমান হৈছে ৷ আমাৰো ভাল লাগিলেহেতেন, যদি দেউতাকে 15 বছৰ নেতৃত্ব দিয়া বা খিলঞ্জীয়াক সুৰক্ষিত কৰা সমষ্টিক গৌৰৱ গগৈয়ে নিৰ্বাচন খেলিলেহেতেন বা বাচনি কৰিলেহেতেন ৷’’ এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ।
‘‘এইবাৰ তিতাবৰত উৰুৱাব লাগিব বিজেপিৰ পতাকা ৷ বিগত নিৰ্বাচনত বিজেপিৰ ক’ৰবাত নহয় ক’ৰবাত কমি থকাৰ বাবে তিতাবৰত নুৰিল বিজেপিৰ পতাকা ৷ ক’ৰবাত সাংগঠনিক ব্যৱধান আছিল ৷ কিন্তু এইবাৰ ৰাইজৰ লগত ঘূৰি অনুমান হৈছে যে যোৰহাটৰ আটাইকেইটা সমষ্টিৰ ভিতৰত তিতাবৰত বিজেপিয়ে অধিক ভোট পাব ৷’’ বৃহস্পতিবাৰে এক অনুষ্ঠানত অংশ লৈ আগন্তুক নিৰ্বাচন আৰু বিৰোধী দল সন্দৰ্ভত এই মন্তব্য কৰে অসম চৰকাৰৰ মন্ত্ৰীগৰাকীয়ে ৷
লগতে পঢ়ক : সমষ্টি এটাত সাংসদ অথবা বিধায়ক থাকিলেও আন নেতাই প্ৰাৰ্থিত্ব বিচাৰিব পাৰে: প্ৰশান্ত কুমাৰ শইকীয়া