New Assamese film Raghav: মাণিকপুৰত প্ৰচাৰৰ বাবে টীম ৰাঘৱ

By ETV Bharat Assamese Team

Published : Oct 6, 2023, 4:26 PM IST

thumbnail

বঙাইগাঁও,৬ অক্টোবৰ: ২৭ অক্টোবৰত ছবিগৃহলৈ আহিব বহু প্ৰত্যাশিত অসমীয়া ছবি ৰাঘৱ । উজনিৰ পৰা নামনিলৈ মুক্তি লাভ কৰিবলগীয়া ছবিখনৰ প্ৰচাৰত নামি পৰিছে জনপ্ৰিয় অভিনেতা যতীন বৰা তথা ৰাঘৱ টীম । যতীন বৰাৰ সহধৰ্মিনীয়ে প্ৰযোজনা কৰা আৰু যতীন বৰাই পৰিচালনা কৰাৰ লগতে নিজেই মুখ্য চৰিত্ৰত অভিনয় কৰা ৰাঘৱ ছবিখনৰ প্ৰচাৰৰ বাবে শুকুৰবাৰে উপস্থিত হয় বঙাইগাঁও জিলাৰ মাণিকপুৰ আঞ্চলিক মহাবিদ্যালয়ত ।  

মহাবিদ্যালয়ত উপস্থিত হৈ প্ৰবক্তা তথা ছাত্ৰ-ছাত্ৰীসকলৰ লগত মত বিনিময় কৰি ৰাঘৱ ছবিখন চাবলৈ আহ্বান জনোৱাৰ লগতে আনকো উৎসাহিত কৰিবলৈ অনুৰোধ কৰে । উক্ত প্ৰচাৰ অনুষ্ঠানত ছবিখনৰ অভিনেতা-অভিনেত্ৰী তথা কলা-কুশলী উপস্থিত থাকে । যতীন বৰাৰ এই গাম্ভীৰ্য্যপূৰ্ণ প্ৰচাৰ অনুষ্ঠানত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে অঞ্চলটোৰ ৰাইজে অভিবাদন জনোৱা পৰিলক্ষিত হয় । মাণিকপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ পৰা যতীন বৰাক ফুলাম গামোছাৰে সম্বৰ্ধনা জ্ঞাপন কৰি ছবিখনৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে ।  

লগতে পঢ়ক: New Assamese film Raghav: নগাঁৱত ৰাঘৱৰ প্ৰচাৰত যতীন বৰা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.