Wine Shop Licence controversy: চৰকাৰৰ বিৰুদ্ধে সৰৱ সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱগোস্বামী - Janardan Dev Goswami against wine shop licence

🎬 Watch Now: Feature Video

thumbnail

By

Published : Feb 26, 2023, 7:00 AM IST

মাজুলী, 26 ফেব্ৰুৱাৰী : এইবাৰ চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱগোস্বামী (Janardan Dev Goswami come out against govt) । মাজুলীৰ জেংৰাইমুখৰ এখন ধৰ্মালোচলা সভাত অংশগ্ৰহণ কৰি দিয়া ভাষণ প্ৰসংগত চৰকাৰৰ বিৰুদ্ধে এনেদৰে সৰৱ হোৱা দেখা গ'ল উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰগৰাকীক (North Kamalabari Satra satradhikar Janardan Devgosamy) । সত্ৰাধিকাৰগৰাকীৰ অভিযোগ, চৰকাৰৰ শেহতীয়া কিছু কৰ্মকাণ্ডই যুৱ প্ৰজন্মক ধ্বংসৰ মুখলৈ লৈ যাব ।

তেওঁ বিশেষকৈ অসম চৰকাৰে শেহতীয়াভাৱে ৰাজ্যত অধিক সংখ্যক বিলাতী সুৰাৰ দোকানৰ বাবে অনুজ্ঞা-পত্ৰ প্ৰদানৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তৰ পৰিপ্ৰেক্ষিতত এই কথা কয়, (Janardan Dev Goswami criticized Assam govt) । নিজৰ ভাষণ প্ৰসংগত যুৱ প্ৰজন্মৰ ভৱিষ্যতৰ কথা চিন্তা কৰি সত্ৰাধিকাৰগৰাকীয়ে কয় যে, সুৰাৰ বিপণীৰ অনুজ্ঞা-পত্ৰ প্ৰদানৰ বিপৰীতে চৰকাৰে অন্যান্য কামেৰ মাজেৰে সমাজখনক আগবঢ়াই নিয়াৰ চেষ্টা কৰক । চৰকাৰে সুৰাৰ দোকানৰ অনুজ্ঞা-পত্ৰ দিয়াৰ বিনিময়ত লাভ কৰা ধনেৰে চিকিৎসালয় নিৰ্মাণ কৰা কাৰ্যকো গৰিহণা দিয়ে সত্ৰাধিকাৰগৰাকীয়ে (Janardan Dev Goswami against wine shop licence) ।

তেওঁ চৰকাৰ এই কাৰ্যক তীব্ৰ ধিক্কাৰ দি কয়, সুৰাৰ জৰিয়তে ৰাজহ সংগ্ৰহ কৰি চিকিৎসালয় নিৰ্মাণ কৰাৰ কোনো প্ৰয়োজন নাই । এই কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰি সত্ৰাধিকাৰগৰাকীয়ে মাদক দব্য, ড্ৰাগছ আদিৰ পৰা আমাৰ সমাজখনক মুক্ত কৰিবৰ বাবে চৰকাৰক প্ৰদক্ষেপ গ্রহণ কৰিবলৈ আহ্বান জনায় । লগতে নতুন প্ৰজন্মক সুৰাৰ ৰাগীৰে মাতাল নকৰিবলৈও চৰকাৰক আহ্বান জনায় উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱগোস্বামীয়ে (North Kamalabari Satra of Majuli) ।

উল্লেখ্য যে, অসম চৰকাৰে এফালে যেনেদৰে মাদক দ্ৰব্যবিৰৈধী অভিযান তীব্ৰ কৰি তুলিছে আনফালে আকৌ ৰাজ্যত চুকে-কোণে বিলাতী সুৰাৰ দোকান গঢ়ি তুলিবলৈ উদ্যোগ গ্ৰহণ কৰাত ইতিমধ্যে সমাজৰ সৰ্বত্ৰে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । খেৱল ৰাজহ আহৰণৰ দোহাই দি চৰকাৰে গ্ৰহণ কৰা এনে সিদ্ধান্তই ভৱিষ্যত প্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিব বুলিও বিভিন্ন মহলত চৰ্চিত হৈছে । তেনে পৰিপ্ৰেক্ষিতত উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱগোস্বামীৰ এই আহ্বান নিশ্চয়কৈ গুৰুত্বপূৰ্ণ বিবেচিত হৈছে ।

লগতে পঢ়ক :Wooden bridge in Guwahati : ছয়মাইল উৰণীয়া সেতুৰ ওপৰতে নিৰ্মাণ কাঠৰ দলং

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.