Water awareness programme:গোলাঘাটত পানীৰ বাবে মহিলা,মহিলাৰ বাবে পানী অভিযান - Assam Urban Water Supply and Drainage Board
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/07-11-2023/640-480-19968202-thumbnail-16x9-gpla-aspera.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Nov 7, 2023, 8:42 PM IST
গোলাঘাট, ৭ নৱেম্বৰ: পানীয়েই প্ৰাণ ৷ পানীৰ মূল্য যাতে মহিলাসকলে বুজি পাই তাৰ বাবে সজাগতা সৃষ্টি কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ৷ মঙলবাৰৰ পৰা ৯ নৱেম্বৰলৈকে Women for Water, Water for Women শ্ল’গানেৰে এই সজাগতাৰ বাবে আত্মসহায়ক গোটৰ সদস্যসকলক পানীৰ গুণগত মান পৰীক্ষণৰ বাবে এই কাৰ্যসূচী গ্ৰহণ কৰে ৷ ৰাষ্ট্ৰীয় নগৰ জীৱিকা অভিযান গোলাঘাটৰ উদ্যোগত পানীৰ বাবে মহিলা, মহিলাৰ বাবে পানীৰ অভিযান আনুষ্ঠানিকভাৱে কাৰ্যসূচী ৰূপায়ন কৰা হয় ।
গোলাঘাটৰ এৰেঙাপাৰৰ অসম নগৰ পানী যোগান আৰু নিষ্কাষণ বোৰ্ডলৈ আত্মসহায় গোটৰ সদস্যসকলক নিয়াৰ পিচত পানীৰ বিষয়ে এক আলোচনা কৰা হয় ৷ উল্লেখ্য যে পানী যাতে কোনেও অনাহকত খৰচ নকৰে তাৰ বাবেও এই সজাগতা সৃষ্টিৰ বাবে সকলোকে আহ্বান জনাই বিভাগীয় বিষয়াসকলে ৷
লগতে পঢ়ক:Lok Sabha election 2024: বিজেপিয়ে বিচাৰিলেই হাগ্ৰামা আহিবনে ? ভিতৰি কি অংক কৰিছে বিপিএফ প্ৰধানে ?