Jagganath Tagore Literary Award : বিশিষ্ট গল্পকাৰ জ্যোতিষ শিকদাৰক জগন্নাথ ঠাকুৰ সাহিত্য সন্মান প্ৰদান

By ETV Bharat Assamese Team

Published : Nov 8, 2023, 10:18 PM IST

thumbnail

গোলাঘাট, 8 নৱেম্বৰ : গোলাঘাট এমেচাৰ থিয়েটাৰ চচাইটিৰ প্ৰেক্ষাগৃহত বুধবাৰে অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাজ্যৰ বিশিষ্ট গল্পকাৰ জ্যোতিষ শিকদাৰক আগবঢ়োৱা হয় ‘জগন্নাথ ঠাকুৰ সাহিত্য সন্মান’ ৷

দেৱাশীষ ঠাকুৰক সভাপতি আৰু ড৹ প্ৰাপ্তি ঠাকুৰক সম্পাদক হিচাবে লৈ গঠন কৰা স্মৃতি ন্যাসে উক্ত বঁটাৰ জৰিয়তে গল্পকাৰ জ্যোতিষ শিকদাৰক গামোচা, চেলেং, স্মাৰক, সম্বৰ্দ্ধনা পত্ৰ, ফুলৰ থোপা আদিৰ লগতে নগদ ৫০ হাজাৰ টকা প্ৰদান কৰে ।

বঁটা প্ৰদান অনুষ্ঠানটোত আদৰণি ভাষণ প্ৰদান কৰে সৰুপথাৰ সমষ্টিৰ বিধায়ক তথা জগন্নাথ ঠাকুৰৰ পৰিয়ালৰ সদস্য বিশ্বজিৎ ফুকনে । অনুষ্ঠানত বিশিষ্ট শিশু সাহিত্যিক, বিজ্ঞানী ড৹ শান্তনু তামুলী আৰু বিশিষ্ট গল্পকাৰ বন্তি শেনচোৱাই শুভেচ্ছামূলক বক্তব্য আগবঢ়ায় ।

মৃদুস্মিতা গগৈয়ে পৰিচালনা কৰা অনুষ্ঠানটোত বিশিষ্ট সাহিত্য সমালোচক, অধ্যাপক ড৹ অৰিন্দম শৰ্মাই জ্যোতিষ শিকদাৰৰ গল্পৰ সম্পৰ্কে বিস্তৃত বাখ্যা আগবঢ়ায় । উল্লেখ্য যে, জগন্নাথ ঠাকুৰ স্মৃতি ন্যাসে অসমীয়া গল্পৰ ক্ষেত্ৰখনত অৱদান আগবঢ়োৱা একোজন গল্পকাৰক এই বঁটা প্ৰদান কৰি আহিছে ।

লগতে পঢ়ক : Zubeen Garg hospitalised : হাস্পতালত ভৰ্তি জুবিন গাৰ্গ, জুবিনৰ স্বাস্থ্যৰ বিষয়ে জনালে চিকিৎসকে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.