Irregular Power supply at Jonai: মুখ্যমন্ত্ৰীৰ মন্তব্যৰ বিপৰীত ছবি জোনাইত; কাৰেন্ট নাযায় মাজে মাজে আহেহে ! - বিদ্যুতৰ পোহৰৰ অভাৱত হাহাকাৰ ছাত্ৰ ছাত্ৰীৰ
🎬 Watch Now: Feature Video
Published : Sep 21, 2023, 2:01 PM IST
জোনাই, 21 ছেপ্টেম্বৰ : এফালে গৰমে দহিছে ৰাজ্যবাসীক ৷ আনফালে, বিদ্যুতৰ সঘন লুকা-ভাকু ৷ ফলত অতিষ্ঠ ৰাইজ ৷ আনহাতে, যিখন চৰকাৰে 24 ঘণ্টাই ঘৰে ঘৰে বিদ্যুত যোগান দিয়াৰ প্ৰতিশ্ৰুতিৰে শাসনলৈ আহিছিল সেইখন চৰকাৰৰ দিনতে বিনা বিদ্যুতেৰে দিন অতিবাহিত কৰিছে ছাত্ৰ-ছাত্ৰী নিৱাসৰ আৱাসীৰ পৰা সাধাৰণ জনতা ৷
কেইবাদিনো ধৰি জোনাইত অনিয়মীয়া বিদ্যুত যোগানে অতিষ্ঠ কৰিছে ৰাইজক ৷ কিছু সময়ৰ বাবে বিদ্যুত যোগান থাকে যদিও ভল্টেজ নাথাকে ৷ না ফেন চলে, না লাইট জ্বলে ৷ সেয়ে ৰাইজে ভল্টেজসহ নিয়মীয়াকৈ বিদ্যুত যোগান ধৰিবলৈ চৰকাৰক আহ্বান জনাইছে ৷
গ্ৰামাঞ্চলৰ কথা বাদেই সমগ্ৰ জোনাই সদৰত দিনে নিশাই অনিয়মীয়া বিদ্যুত যোগানে ছাত্ৰ-ছাত্ৰী, সাধাৰণ জনতাৰ অসুবিধাৰ সন্মুখীন হ’ব লগীয়া হৈছে ৷ সঘনাই বিদ্যুত যোগান নথকাৰ সত্বেও জোনাই বিদ্যুৎ বিভাগে অধিক বিদ্যুতৰ বিল আদায় কৰি মইমতালি চলোৱা বুলি অভিযোগ তুলিছে জোনাইৰ স্থানীয় ৰাইজে ৷