Accident in Diphu: নিৰ্মীয়মাণ উৰণ সেতুৰ লোৰ প্লেট পৰিল চলন্ত বাহনত

By ETV Bharat Assamese Team

Published : Oct 27, 2023, 10:16 PM IST

thumbnail

ডিফু,২৭ অক্টোবৰ: কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ গৌতম বস্তিৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাই পথত শুকুৰবাৰে বিয়লি সংঘটিত হয় এক ভয়ংকৰ অঘটন । পিছে সৌভাগ্য ক্ৰমে ৰক্ষা পৰে কেইবাজনো লোক ৷ উক্ত পথেৰে ইটানগৰৰ পৰা ডিমাপুৰ অভিমুখে আহি থকা AR18-5994 নম্বৰৰ বলেৰ' বাহনৰ ওপৰত পথচোৱাত নিৰ্মীয়মাণ ফ্লাই অভাৰ এখনৰ লোহাৰ প্লেট খহি পৰাত গাড়ীখনৰ বিস্তৰ ক্ষতি সাধন হয় ।  

কিন্তু সৌভাগ্যক্ৰমে বাহনখনত থকা কোনো লোক হতাহত হোৱাৰ পৰা সৌভাগ্য ক্ৰমে ৰক্ষা পৰে ৷ অভিযোগ অনুসৰি, অল ইনফ্ৰা প্ৰাইভেট লিমিটেড কোম্পানীটোৱে কোনো ধৰণৰ সতৰ্কতা আৰু সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলতেই এই দুৰ্ঘটনাটো সংঘটিত হয় ৷ কথমপি কোনো লোক হতাহত হোৱাৰ পৰা ৰক্ষা পৰে যদিও এই ফ্লাই অভাৰৰ দৈনিক তদাৰকীৰ দাবী কৰে স্থানীয় জনতাই ৷

লগতে পঢ়ক: Dead body recovered of a BJP worker: লংগাই নদীৰ পৰা উদ্ধাৰ পঞ্চায়ত সদস্যৰ প্ৰতিনিধিৰ মৃতদেহ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.