IPL gambler arrested: বঙাইগাঁৱৰ মাণিকপুৰত IPL জুৱাৰী আটক

By

Published : May 19, 2023, 4:55 PM IST

thumbnail

মাণিকপুৰ,১৯ মে': আই পি এলৰ বতৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে জুৱাৰ ৰমৰমীয়া ব্যৱসায় । ধনৰ লালসাত স্কুলীয়া ছাত্ৰৰ পৰা আৰম্ভ কৰি ডেকা-বূঢ়া সকলো জড়িত হৈ পৰিছে জুৱাত । আনকি গাঁৱৰ ঘৰে ঘৰে গৈ ধন সংগ্ৰহ কৰে এজেন্টে । যাৰ ফলত গাঁও আৰু চহৰবোৰত বৃদ্ধি পাইছে জুৱাৰীৰ লগতে চোৰৰ সংখ্যা (IPL gambling in Bongaigaon) । কাৰণ সহজ ধন ঘটাৰ লোভত এই সকলে জুৱাত সকলো শেষ কৰি উপায়হীন চুৰিৰ দৰে অসৎ পথ গ্ৰহণ কৰিবলৈ বাধ্য হৈছে ।  

তেনে সময়তে আই পি এল জুৱাৰীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে বঙাইগাঁও আৰক্ষী (Bongaigaon Police against IPL gambling) । বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত নোৱাপাৰাত নিশা আৰক্ষীয়ে অভিযান চলাই এটা আই পি এলৰ জুৱাৰীক আটক কৰে (IPL gambler arrested in Manikpur) । মাণিকপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অজয় কুমাৰ সাহাৰ নেতৃত্বত অভিযান চলাই দিদাৰ ৰহমান নামৰ আই পি এল ৰ জুৱাৰীটোক আটক কৰাৰ লগতে নগধ ৯ হাজাৰ ৪ শ টকা, আই পি এল জুৱাত ব্যৱহাৰ কৰা মোবাইল ফোনসহ এখন মটৰ চাইকেল জব্দ কৰিবলৈ সক্ষম হয় । 

লগতে পঢ়ক: DYFI against overlapping in ADR: ২৪ মে'ত অভাৰলেপিঙৰ বিৰুদ্ধে DYFI-SFI ৰ চচলত প্ৰতিবাদ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.