Signalling glass invention: বিৰল উদ্ভাৱন ! টোপনি আহিলেই সংকেট দিব চশমাই - Jorhat Post Graduate Training College
🎬 Watch Now: Feature Video
Published : Aug 23, 2023, 7:37 PM IST
যোৰহাট,২৩ আগষ্ট: গুৱাহাটী বাহিৰত প্ৰথমবাৰৰ বাবে যোৰহাটৰ স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয় আৰু নৰ্মাল স্কুলৰ প্ৰাংগনত দুদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে ৰাজ্যিক বৈজ্ঞানিক প্ৰদৰ্শনী সমাৰোহ । এই প্ৰদৰ্শনী সমাৰোহত ৰাজ্য ভিন্ন প্ৰান্তৰ শৈক্ষিক প্ৰতিষ্ঠানৰ শিশু বিজ্ঞানীসকলে অংশগ্ৰহণ কৰিছে ।
বুধবাৰে দ্বিতীয় দিনা এই সমাৰোহত ৰাজ্য ভিন্ন প্ৰান্তৰ শিশু বিজ্ঞানীসকলৰ বিভিন্ন উদ্ভাৱনী শক্তি বা কৌশলে সকলোকে আকৰ্ষণ কৰা পৰিলক্ষিত হৈছে । ইয়াৰ ভিতৰত তিনিচুকীয়া গংগা বিচন চৌহানি উচ্চ মাধ্যমিক বিদ্যালয় সপ্তম শ্ৰেণী ছাত্র ধ্ৰৱ লুইতেলেৰ এক উদ্ভাৱনী শক্তিয়ে সকলৰে দৃষ্টি আকৰ্ষণ কৰিছে ।
সপ্তম শ্ৰেণী ছাত্র ধ্ৰৱ লুইতেলে দুৰ্ঘটনা প্ৰতিৰোধৰ ক্ষমতা থকা এখন চশমা প্ৰস্তুত কৰি উলিয়াইছে । সূৰ্যৰ ৰশ্মিত আৰু নিশা ভাগত গাড়ী চলাওঁতে টোপনি ধৰাৰ ফলত প্ৰায়ে দুৰ্ঘটনা সংঘটিত হয় । কিন্তু এতিয়া পৰা এই চশমা পিন্ধিলে আপুনি মই দুৰ্ঘটনাৰ পৰা ৰক্ষা পাব পাৰিব । কাৰণ এই চশমা পিন্ধাৰ লগে লগে দুৰ্ঘটনা প্ৰৱণ অঞ্চলত সংকেট প্ৰদান কৰিব ।
লগতে পঢ়ক: Artificial floods in Nalbari: নলবাৰীক কৃত্ৰিম বানমুক্ত কৰাৰ প্ৰয়াস
TAGGED:
টোপনি আহিলে সংকেট দিব চশমাই