Cancer drug innovation in Assam: কৰ্কট ৰোগ নিৰাময়ৰ ঔষধ উদ্ভাৱন টিংখাঙৰ এজন ব্যক্তিৰ

By

Published : Feb 7, 2023, 11:02 PM IST

Updated : Feb 14, 2023, 11:34 AM IST

thumbnail

টিংখাং,৭ ফ্ৰেব্ৰুৱাৰী: কৰ্কট, এক দুৰাৰোগ্য ব্যাধি । চিকিৎসা বিজ্ঞানত আজিলৈকে আৱিষ্কাৰ হোৱা নাই কৰ্কট ৰোগ নিৰাময়ৰ ঔষধ । সাম্প্ৰতিক সময়ত দ্ৰুত হাৰত বৃদ্ধি পাবলৈ ধৰিছে কৰ্কট ৰোগীৰ সংখ্যা । তেনে সময়তে কেঞ্চাৰ ৰোগীৰ বাবে আহিছে এটা আশাৰ খবৰ । এইখন অসমতে আৱিষ্কাৰ হৈছে কেঞ্চাৰ প্ৰতিৰোধী ঔষধ(Cancer drug innovation in Assam) ! ঘাটক কৰ্কট ৰোগ নিৰাময়ৰ ঔষধ উদ্ভাৱন কৰা হৈছে আমেৰিকা নাইবা অন্য কোনো উন্নত ৰাষ্ট্ৰত নহয়, চিকিৎসা বিজ্ঞানক প্ৰত্যাহ্বান জনাব পৰা এনে সম্ভাৱনা কঢ়িয়াই আনিছে টিংখাঙৰ এখন ভিতৰুৱা গাঁৱৰ এজন বিশেষ ব্যক্তিয়ে(Invention of cancer treatment medicines in Tingkhang) । 

প্ৰাণঘাটি কৰ্কট ৰোগৰ চিকিৎসাৰ ওপৰত নিজা গৱেষণা, ঔষধ প্ৰস্তুত আৰু প্ৰয়োগেৰে বহুতৰে জীৱনৰ ত্ৰাণকৰ্তা হিচাপে পৰিচিত হোৱা দুৰ্লভ গগৈয়ে উদ্ভাৱন কৰিছে এই ঔষধ(Durlabh Gogoi invents cancer drugs) । টিংখাঙৰ নলনী-কপহুৱা গাঁৱৰ সাধাৰণ মানুহজনে কৰি দেখুৱাইছে অসাধাৰণ কাম । কিছুবছৰ পূৰ্বে ব্লাড কেঞ্চাৰত আক্ৰান্ত হোৱা তেওঁৰ পুত্ৰৰ চিকিৎসা কৰিছিল নিজে প্ৰস্তুত কৰা বনৌষধিৰে । আৰু মাত্ৰ তিনি মাহৰ ভিতৰতে ব্লাড কেঞ্চাৰৰ পৰা আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছিল দুৰ্লভ গগৈৰ একমাত্ৰ সন্তানটিয়ে । তেওঁৰ পুত্ৰ সন্তানে এতিয়া কটাইছে এক স্বাভাবিক জীৱন । 

ইয়াৰ পিছত বহুকেইজন কৰ্কট ৰোগীক নতুন জীৱন প্ৰদান কৰিছে তেওঁৰ জীৱন দায়িনী ঔষধে । অসমৰ বিভিন্ন প্ৰান্তৰ বহু কেঞ্চাৰ ৰোগীয়ে দুৰ্লভ গগৈৰ চিকিৎসা গ্ৰহণ কৰিছে । ইয়াৰে প্ৰায় ৯০ শতাংশ ৰোগীয়েই আৰোগ্য লাভ কৰা বুলি উল্লেখ কৰে দুৰ্লভ গগৈয়ে । দুৰ্লভ গগৈৰ নিজ গৃহতে প্ৰস্তুত হয় এই জীৱনদায়িনী ঔষধ । "চাবাচনেগ্ৰাচ" নামৰ এবিধ বিশেষ ঔষধি উদ্ভিদৰ পৰা তৈয়াৰ কৰা হয় এই ঔষধ । গগৈয়ে নিজৰ চোতালতে কৰি লৈছে এইবিধ ঔষধৰ খেতি । 

ডা: অঞ্জলি পাঠক নামৰ এগৰাকী গুজৰাটী মহিলাই 'চাবাচনেগ্ৰাচ' নামৰ কৰ্কট প্ৰতিৰোধী বিশেষ ঔষধি গছবিধৰ সৈতে পৰিচয় কৰাই দিয়া বুলি উল্লেখ কৰে দুৰ্লভ গগৈয়ে । উল্লেখযোগ্য যে কেৱল কেঞ্চাৰেই নহয় বহুমুত্ৰ, ব্ৰেইন টিউমাৰ, ব্ৰেইন ষ্ট'ক আদি বহু জটিল ৰোগৰো চিকিৎসা প্ৰদান কৰি আহিছে এইজন ব্যক্তিয়ে । নিশ্চয়কৈ এয়া এক আশাৰ বতৰা । 

লগতে পঢ়ক: Aadhar Card recover in river: ডাকঘৰৰ মোহৰ মৰা বস্তাত ওলাল হাজাৰ হাজাৰ আধাৰ কাৰ্ড

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.