PM WANI project launched in Dibrugarh : ডিব্ৰুগড়ত অসমৰ দ্বিতীয়টো PM WANI ইন্টাৰনেট সেৱা মুকলি

By

Published : Jan 12, 2023, 8:49 AM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail
ইন্টাৰনেট ব্যৱস্থাক সহজলভ্য আৰু কম খৰচত উপলব্ধ কৰাৰ লক্ষ্যৰে ডিব্ৰুগড়ত আৰম্ভ হৈছে PM WANI ইন্টাৰনেট সেৱা (Internet service PM WANI project launched)। বুধবাৰে ভাৰত চৰকাৰৰ টেলিকমিউনিকেশ্যন মন্ত্ৰালয়ৰ সৌজন্যত আৰম্ভ কৰা এই সেৱাৰ দ্বিতীয়টো প্ৰকল্প ডিব্ৰুগড়ত আনুষ্ঠানিকভাৱে মুকলি কৰা হয়(PM WANI internet service in Dibrugarh)। ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই সেৱাৰ শুভ উদ্বোধন কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড৹ শশীকান্ত শইকীয়াই । অনুষ্ঠানত বি এছ এন এলৰ মহাপ্ৰৱন্ধক ৰবিন্দ্ৰ কুমাৰ জাখাৰ, ডিব্ৰুগড় পৌৰসভাৰ পৌৰপতি ডাঃ চৈকত পাত্ৰ, জ্যেষ্ঠ সাংবাদিক শৰৎ চন্দ্ৰ নেওগ আদিকে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে, এক্সেছ ইন্টাৰনেটৰ জৰিয়তে গ্ৰাহকে কম খৰচতে জিলাখনৰ প্ৰতিটো স্থানত দ্ৰুত গতিত ইন্টাৰনেট সেৱা লাভ কৰিব পাৰিব বুলি বি এছ এন এলৰ শীৰ্ষ বিষয়াই জানিবলৈ দিয়ে  (PM WANI internet service in Assam )।
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.