International Nurses Day: মৰাণ ৰাজ্যিক চিকিৎসালয়ত আন্তঃৰাষ্ট্ৰীয় নাৰ্চ দিৱস উদযাপন - মৰাণ ৰাজ্যিক চিকিৎসালয়ত আন্তঃৰাষ্ট্ৰীয় নাৰ্চ দিৱস
🎬 Watch Now: Feature Video

মৰাণ,১২ মে': আজি আন্তঃৰাষ্ট্ৰীয় ধাত্ৰী দিৱস (International Nurses Day) । নাৰ্চ অৰ্থাৎ ধাত্ৰীসকল স্বাস্থ্যখণ্ডৰ অক্লান্ত সেৱিকা ৷ প্ৰত্যাহ্বান আৰু প্ৰতিকূলতাকো নেওচি ৰোগীৰ চিকিৎসা আৰু পৰিচৰ্যা কৰি স্বাস্থ্য খণ্ডলৈ অহোপুৰুষাৰ্থ অৱদান আগবঢ়াই আহিছে । আজি আন্তঃৰাষ্ট্ৰীয় ধাত্ৰী দিৱসৰ বিশেষ দিনটোত জনসেৱাৰ্থে সমৰ্পিত নাৰ্চসকলক শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰি মৰাণ ৰাজ্যিক চিকিৎসালয়ত আন্তঃৰাষ্ট্ৰীয় নাৰ্চ দিৱস উদযাপন কৰা হয়(International Nurses Day celebration) ।
আধুনিক নাৰ্ছিং সেৱাৰ অগ্ৰদূত ফ্লোৰেন্স নাইটিংগেলৰ(Florence Nightingale) জন্ম দিৱসত শ্ৰদ্ধাৰে স্মৰণ কৰি বন্তি প্ৰজ্বলন কৰাৰ পিছতে কেক কটা হয় । চিকিৎসালয়ৰ মুখ্য চিকিৎসক ডাঃ হিমাংশু বৰাই নাৰ্চিং সেৱাৰ জৰিয়তে জনসেৱামূলক মানসিকতাৰ পৰিচয় দিয়া মহীয়সী গৰাকীৰ আদৰ্শই প্ৰতিটো প্ৰজন্মকে অনুপ্ৰাণিত কৰি যাব বুলি মত ব্যক্ত কৰে ।