International labour Day : কলগাছিয়াত মটৰ শ্ৰমিক ইউনিয়নৰ মে’ দিৱস উদযাপন - International May Day in Assam
🎬 Watch Now: Feature Video
জনীয়া, ১ মে' : আজি আন্তৰ্জাতিক মে' দিৱস (International May Day in Assam)। এই মে’ দিৱসতেই শ্ৰমিকসকলে সংহতি দিৱস পালন কৰি আহিছে । বৰপেটা জিলাৰ কলগাছিয়া চাৰিআলি চকত কলগাছিয়া মটৰ শ্ৰমিক ইউনিয়নৰ উদ্যোগত সোমবাৰে এই দিৱস উদযাপন কৰা হয় (May Day observed in Kalgasia) । পুৱা ৮ বজাত পতাকা উত্তোলন কৰাৰ লগতে মটৰ শ্ৰমিকসকলৰ বিভিন্ন দাবী সম্বলিত শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে । মটৰ শ্ৰমিকসকলে বিশ্ব শ্ৰমিক এক হওক, মে' দিৱস সফল কৰক, শ্ৰমিক ঐক্য জিন্দাবাদ আদি শ্লোগানেৰে আকাশ-বতাহ কঁপাই তোলে ।
এই উপলক্ষে আয়োজিত এখন সভাত শ্ৰমিক নেতা চানমামুদ আহমেদে কয় যে ১৮৮৬ চনৰ ১ মে'ত ঐতিহাসিক আমেৰিকাৰ চিকাগো চহৰত শ্ৰমিকসকলৰ যি সমাৱেশ হৈছিল তাতে মালিক আৰু শ্ৰমিকসকলৰ মাজত হোৱা সংঘৰ্ষত বহুতো শ্ৰমিক নিহত হৈছিল । পৰৱৰ্তী সময়ত বিচাৰ ব্যৱস্থাত চাৰিজনকৈ শ্ৰমিকক ফাঁচী দিয়া হৈছিল । পিছত ১৮৮৯ চনৰ জুলাইৰ আন্তৰ্জাতিক বৈঠকত ১ মে’ দিৱস শ্ৰমিকৰ সংহতি দিৱস হিচাবে পালন কৰা হয় । বিগত ১৩৩ বছৰ ধৰি এই দিৱস পালন হৈ আছে। কলগাছিয়া মটৰ শ্ৰমিক ইউনিয়নে পুৱা পতাকা উত্তোলন কৰি মে’ দিৱস পালন কৰে ।
লগতে পঢ়ক:Biswanath NH 15 : দ্ৰুত গতিত চলিছে বিশ্বনাথৰ ফ’ৰলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ কাৰ্য