International Day of Yoga : কামাখ্যাত বিশ্ব যোগ দিৱস পালন সাধুবাবাৰ - International Day of Yoga
🎬 Watch Now: Feature Video
গুৱাহাটী, ২১ জুন : বুধবাৰে সমগ্ৰ বিশ্বজুৰি পালন কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস । একেদৰে ভাৰততো পালন কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস । আনহাতে, অসমৰো বিভিন্ন প্ৰান্তত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচী হাতত লোৱা হৈছে ।
ইফালে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে শক্তিপীঠ কামাখ্য়াতো পৰিলক্ষিত হৈছে এক উছৱমুখৰ পৰিৱেশ । অম্বুবাচী উপলক্ষে দেশ-বিদেশৰ পৰা অহা সাধু-সন্তৰে ভৰি পৰিছে নীলাচল পাহাৰস্থিত শক্তিপীঠ মা কামাখ্যাৰ মন্দিৰ প্ৰাংগণ । কামাখ্যা দৰ্শনৰ বাবে অহা এইসকল সাধু-সন্তয়ো আন্তৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে । বিভিন্ন যোগাভ্যাস প্ৰদৰ্শনেৰে সাধু-সন্তসকলে যোগ দিৱস পালন কৰে ।
উল্লেখ্য, ২০১৫ চনৰ পৰা ২১ জুন তাৰিখটো ৰাষ্ট্ৰসংঘৰ অনুমোদন সাপেক্ষে প্ৰতিবছৰে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে পালন কৰা হৈ আহিছে । ২০১৪ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ২১ জুন তাৰিখটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে স্বীকৃতি প্ৰদান কৰে ।
আনহাতে, এইবাৰৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত নিউয়ৰ্কস্থিত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত প্ৰধান অতিথি হিচাপে উপস্থিত থাকে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । উক্ত অনুষ্ঠানত বিশ্বৰ প্ৰায় ১৮৮ খন দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ।
লগতে পঢ়ক :International Yoga Day : তেজপুৰৰ যোগ দিৱসত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস