RAMCC 2023 held at DU : ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অনুষ্ঠিত ৰেমচিচি-২০২৩ ৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলন - ৰেমচিচি ২০২৩ ৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলন
🎬 Watch Now: Feature Video

ডিব্ৰুগড়, ২ মাৰ্চ : ডিব্ৰুগড় বিশ্ববিদ্যালয়ত পহিলা মাৰ্চৰ পৰা আৰম্ভ হৈছে সামগ্ৰী ৰসায়ন আৰু অনুঘটকৰ শেহতীয়া অগ্ৰগতিৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলন (International Conference on RAMCC 2023 held at Dibrugarh University) । ৰংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা উদ্বোধনী অধিৱেশনত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক ড৹ জিতেন হাজৰিকাই তিনিদিনীয়া সন্মিলনখনি উদ্বোধন কৰে ৷
মুখ্য অতিথি হিচাপে চি এছ আই আৰ-এন ইষ্ট যোৰহাটৰ সঞ্চালক ড৹ জি নাৰহাৰী শাস্ত্ৰী আৰু সন্মানীয় অতিথি হিচাপে বি চি পি এলৰ পৰিচালন সঞ্চালক ৰিপ হাজৰিকা উপস্থিত থাকে । সন্মিলনত বুক অৱ আহস্ট্ৰেক্ট উদ্বোধন কৰে বিজ্ঞান আৰু অভিযান্ত্ৰিক অনুষদৰ ডীন অধ্যাপক এছ চি কাকতিয়ে ।
তেওঁলোকৰ লগতে বিদেশৰ পৰা অহা সাতজন প্ৰতিনিধি অধ্যাপক ক্ৰমে টাটছুও কানেকো (জাপান), অধ্যাপক নৰ্বাৰ্ট ৰেইলিং (জাৰ্মানী), ফ্ৰান্সেস্কা ডেগানেলো (ইটালী), অধ্যাপক পিটাৰ স্পেটেনকা (চেক গণৰাজ্য), অধ্যাপক হিৰোনাও চাজিকি (জাপান) অধ্যাপক জিন পাস্কেল ছাটাৰ (ফ্ৰান্স), অধ্যাপক ইছিঅ’ হায়াছি (জাপান) আৰু দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপক দেৱান চিং ৰাৱাট ডায়েছৰ ওপৰত উপস্থিত থাকে ।
আয়োজক সমিতিৰ অধ্যক্ষ অধ্যাপিকা ড৹ গীতিকা বৰাই আদৰণি ভাষণ প্ৰদান কৰাৰ বিপৰীতে যুটীয়া আহ্বায়ক ড৹ কল্যাণজ্যোতি দেউৰীয়ে ধন্যবাদ জ্ঞাপন কৰে । যুটীয়া আহ্বায়ক অধ্যাপক ড৹ দিগন্ত শৰ্মাই আয়োজন কৰা অধিৱেশনত আমন্ত্ৰিত বক্তা, দেশ-বিদেশৰ ৩০০ৰো অধিক অংশগ্ৰহণকাৰী, বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগৰ ডীন, হেড, সমল ব্যক্তি উপস্থিত থাকে ।
উদ্বোধনী অধিৱেশনৰ পিচত ৰংঘৰ প্ৰেক্ষাগৃহ আৰু ইন্দিৰা মিৰি সন্মিলন হলত সমান্তৰাল কাৰিকৰী অধিৱেশন আৰু ৰংঘৰ চৌহদত প্ৰথম পোষ্টাৰ অধিৱেশন অনুষ্ঠিত হয় ৷ সন্মিলনৰ প্ৰথম দিনটোত মুঠ ৯৮ খন পোষ্টাৰ প্ৰদান কৰা হয় । এই সন্মিলনত আন আন ৰিডিয়াৰ্চ আৰু এম ছাত্ৰয়ো অংশগ্ৰহণ কৰে । জানিব পৰা মতে, ২০২৩ চনৰ ৩ মাৰ্চত অন্ত পৰিব এই সন্মিলনখন ।