Rhino died in Nagaon: বন বিভাগৰ অৱহেলাৰ বাবে কলিয়াবৰত মৃত্যু ঘটিল আঘাতপ্ৰাপ্ত গঁড়ৰ - কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
🎬 Watch Now: Feature Video
Published : Oct 1, 2023, 12:25 PM IST
|Updated : Oct 1, 2023, 4:53 PM IST
কলিয়াবৰ, 1 অক্টোবৰ: বন বিভাগৰ অকৰ্মণ্যতাৰ বাবে ৰাজ্যত পুনৰ মৃত্যু হ’ল এটা গঁড়ৰ ৷ জানিব পৰা মতে, কলিয়াবৰৰ শিলঘাট অঞ্চলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহি এটা গঁড়ে যোৱা প্ৰায় দুমাহ ধৰি অঞ্চলটোত বিচৰণ কৰি আছিল । আঘাতপ্ৰাপ্ত গঁড়টো দেওবাৰে মৃত অৱস্থাত প্ৰত্যক্ষ কৰে শিলঘাটৰ কলিয়াবৰ মেনৰ নামৰ বিলাসী লজখনৰ কৰ্মচাৰীয়ে ।
বন বিভাগৰ লোক উক্ত স্থানত সময়ে সময়ে উপস্থিত হৈছিল যদিও বন বিভাগৰ গাফিলতিৰ বাবেই গঁড়টোৰ মৃত্যু হৈছে বুলি অভিযোগ তোলে স্থানীয় লোকে । শিলঘাট অঞ্চলত দীৰ্ঘদিন ধৰি বিচৰণ কৰি ফুৰা গঁড়টো আঘাতপ্ৰাপ্ত হৈ থকাৰ পাছতো বন বিভাগে চিকিৎসাৰ কোনো ব্যৱস্থা নকৰিলে বুলি অভিযোগ কৰিছে কলিয়াবৰ মেনৰৰ কৰ্মচাৰীয়ে ।
মাজে-মাজে দুই-এজন বনকৰ্মী অহাৰ বাহিৰে বিভাগটোৰ কোনো শীৰ্ষ বিষয়া-কৰ্মচাৰীয়ে বিষয়টো গুৰুত্ব নিদিয়াৰ ফলতে গঁড়টোৰ মৃত্যু হ'ল বুলি অভিযোগ তোলে স্থানীয় লোকসকলে ৷
লগতে পঢ়ক: Govt schools in assam : ৰাজ্যৰ শিক্ষা মন্ত্ৰীৰ পদটো নাইকিয়া কৰাৰ দাবী অসমীয়া যুৱ মঞ্চৰ