Injured Deer Rescued at Kaliabor: কলিয়াবৰত আঘাতপ্ৰাপ্ত অৱস্থাত হৰিণা উদ্ধাৰ

By

Published : Apr 27, 2023, 8:52 PM IST

thumbnail

কলিয়াবৰ, 27 এপ্ৰিল : কলিয়াবৰত উদ্ধাৰ হৈছে এটা আঘাতপ্ৰাপ্ত হৰিণা ৷ কলিয়াবৰৰ দেউৰী-চিলাবন্ধা গাঁৱৰ ৰাইজে প্ৰত্যক্ষ কৰি উদ্ধাৰ কৰে হৰিণাটো ৷ জানিব পৰা মতে, দেউৰী-চিলাবন্ধা গাঁৱৰ এজন লোকৰ এখন বাৰীত স্থানীয় লোকে প্ৰত্যক্ষ কৰে হৰিণাটো ৷ দুজন স্থানীয় লোকে হৰিণাটোৱে আঘাত পাই থকা দেখি প্ৰাথমিক চিকিৎসা আগবঢ়াই বন-বিভাগৰ লোকক অৱগত কৰে (Deer Rescued at Kaliabor dewri chilabandha gaon) ৷

ঘটনাস্থলীত শিলঘাট বনখণ্ডৰ বনকৰ্মী উপস্থিত হৈ পহুটো ৰাইজৰ পৰা চমজি লৈ এতিয়া চিকিৎসাৰ ব্যৱস্থা কৰিছে (Injured Deer Rescued at Kaliabor ) । পহুটো কেনেকৈ আঘাতপ্ৰাপ্ত হ'ল তাৰ সঠিক কাৰণ নিশ্চিত হোৱা নাই এতিয়ালৈকে । উল্লেখযোগ্য যে, ২০১৭ চনৰ আগষ্ট মাহৰ বানৰ পাচৰে পৰা কলিয়াবৰৰ বহু গাঁৱৰ হাবিত পহু আৰু গাহৰিয়ে বিচৰণ কৰি থকা দেখিবলৈ পোৱা গৈছে ।

লগতে পঢ়ক : Formalin detected in fish: নগাঁ‌ৱত ফৰ্মেলিনযুক্ত মাছ বিক্ৰীৰ বিৰুদ্ধে সৰৱ যুৱ ছাত্ৰ পৰিষদ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.