Protest in Pav reserve forest: প্ৰাপ্যৰ দাবীত পাভ সংৰক্ষিত বনাঞ্চলত ভূমিপুত্ৰৰ প্ৰতিবাদ - Indigenous people protest in Pav reserve forest
🎬 Watch Now: Feature Video
পাভ সংৰক্ষিত বনাঞ্চলত ভূমিপুত্ৰৰ ক্ষোভ (Indigenous people protest in Pav reserve forest) । ভূমিপুত্ৰসকলৰ ক্ষোভ, অসন্তুষ্টি তথা প্ৰতিবাদত উত্তাল হৈ পৰিল পাভ বনাঞ্চল ৷ চৰকাৰে বনাঞ্চলখনত উচ্ছেদ চলোৱাৰ পিছৰে পৰা অসন্তুষ্টিৰ লগতে প্ৰতিবাদী হৈ পৰিছে ভূমিপুত্ৰসকল (protest against eviction on Pabha Reserve Forest)৷ কাৰণ প্ৰায় দুশৰো অধিক কৃষকে বছৰ বছৰ ধৰি খৰালিৰ সময়ছোৱাত সৰিয়হৰ লগতে ৰবি শস্যৰ খেতি কৰি আহিছিল বনাঞ্চলখনত ৷ কিন্তু এইবাৰ চৰকাৰে উচ্ছেদ অভিযান চলাই তচ-নচ কৰি পেলালে ভূমিপুত্ৰসকলে মূৰৰ ঘাম মাটিত পেলায় কৰা কৃষি কৰ্ম (Pabha Reserve Forest)। কেৱল এমাহৰ সময় বিচাৰি খেতিয়কসকলে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত আৱেদন নিবেদন জনাইছিল যদিও আবেদনৰ প্ৰতি কোনো গুৰুত্ব নিদিলে কৰ্তৃপক্ষই । সেয়েহে অসম চৰকাৰৰ ওচৰত ক্ষতিপূৰণ বিচাৰি হাতে হাতে শ শ কৃষকে পাভৰ ভূমিত সাব্যস্ত কৰিলে প্ৰতিবাদ ৷